শুৱালকুছিত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু; পৰকীয়া প্ৰেমৰ সন্দেহ

শুৱালকুছিৰ সাধুটোলত এগৰাকী মহিলাৰ ৰহস্যনক আত্মহত্যাৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।  আজি পুৱা ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

নিহত মহিলাগৰাকীৰ নাম দিপা কলিতা। আনহাতে ঘটনাৰ পিছৰ পৰাই মহিলা গৰাকীৰ অভিযুক্ত পতি  বিদিত মহন্ত পলাতক অৱস্থাত আছে।

উল্লেখযোগ্য যে মাত্ৰ দুমাহ পূৰ্বে বিদিত মহন্ত আৰু দিপা কলিতা প্ৰেম বিবাহত আবদ্ধ হৈছিল। এনে পৰিস্থিতিত দিপাৰ মৃত্যুক আত্মহত্যাৰ ঘটনা বুলি মুঠেও মানি ল’ব খোজা নাই তেওঁৰ পৰিয়ালে।

দিপাৰ পৰিয়াল আৰু স্থানীয় লোকৰ অভিযোগ মতে বিদিত মহন্তৰ অন্য যুৱতীৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছে। যাৰ বাবে পত্নী-পতিৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল।

উক্ত পৰকীয়া প্ৰেমৰ পৰিণতিতে দিপাক হত্যা কৰি পিছত ইয়াক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলি দিপাৰ পৰিয়াল আৰু তথা ওচৰ-চুবুৰীয়াই সন্দেহ কৰিছে।

এই ঘটনাৰ পাছতে উত্তেজিত লোকে অভিযুক্ত বিদিত মহন্তৰ বাসগৃহ লণ্ড ভণ্ড কৰাৰ লগতে মহন্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

আনহাতে শুৱালকুছি আৰক্ষীয়ে দীপা কলিতাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বাতৰি যুগুত কৰা সময়লৈকে কাকো আটক কৰা হোৱা নাই।