ডিমৌৰ দিখাৰী চাহ বাগিচাত পতি-পত্নীক পথতে দাৰে ঘপিয়াই নৃশংস হত‍্যা, উত্তেজিত ৰাইজৰ আৰক্ষীৰে সংঘাত

Murder-representative-image

প্ৰতিনিধিত্বমূলক ছবি

দুৰ্গা পূজাৰ নৱমীৰ উচাহৰ মাজতে যোৱা নিশা ডিমৌত সংঘটিত হৈছে এটা ভয়াৱহ নাৰকীয় হত‍্যাকাণ্ড। ডিমৌৰ পৰা তিনি কিলোমিটাৰৰ নিলগৰ দিখাৰী চাহ বাগিচাৰ  ৰমনী প্ৰজা আৰু ভোলা প্ৰজা নামৰ পতি-পত্নীক অতি নৃশংসভাবে হত্যা কৰে জগু প্ৰজা নামৰ এজন ব‍্যক্তিয়ে।

দিখাৰী চাহ বাগিচাৰ ৭নং লাইনৰ পথৰ ওপৰতে দাৰে ঘপিয়াই নৃশংসভাৱে দুয়োকে হত্যা কৰে জগু প্ৰজাই। পাৰিবাৰিক কন্দলৰ বাবেই জগু প্ৰজাই এই নাৰকীয় হত্যাকাণ্ড কৰা বুলি জানিব পৰা গৈছে। হত্যাকাণ্ড সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে হত‍্যাকাৰী জগু প্ৰজাই।

ইপিনে ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে চাহ জনজাতীয় একাংশ উত্তেজিত লোকে জগু প্ৰজাক বিচাৰি যায় যদিও জগুক ঘৰত নাপাই তেওঁৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে।

ঘৰটো লণ্ডভণ্ড কৰাৰ লগতে জগুৰ মটৰ চাইকেলো ভাঙি চূৰমাৰ কৰে ক্ষুব্ধ লোকসকলে। একাংশ উত্তেজিত লোকে হত্যাকাৰীৰ ঘৰ, চাইকেল-মটৰ চাইকেল জ্বলাই দিবলৈ উদ্যত হৈছিল যদিও ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা মৰাণ আৰক্ষীৰ বাধাত সেয়া কৰিব নোৱাৰিলে।

উত্তেজিত লোকসকলে ঘটনাস্থলত উপস্থিত মৰাণ আৰক্ষীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত হয়। হত্যাকাৰীক ধৰি দিব নোৱৰা পৰ্য্যন্ত আৰক্ষীক মৃতদেহ নিবলৈ নিদিয়ে বুলি সকীয়াই দিছে উত্তেজিত হৈ থকা লোকসকলে। ফলত এই পৰ্যন্ত পথৰ ওপৰতে পৰি আছে ভোলা প্ৰজা আৰু ৰমণী প্ৰজাৰ মৃতদেহ। আৰক্ষীয়ে এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে।