মঙলদৈত হৃদয়বিদাৰক ঘটনা : দহ বছৰৰ প্ৰেমৰ পিছত বিয়া হোৱা ন-বোৱাৰীক জ্বলাই দিলে স্বামীৰ পৰিয়ালে

বিতু হাজৰিকা আৰু ককায়েক, গৰীৱৰ বন্ধু বিৰাজ হাজৰিকা।

দুমাহৰ পূৰ্বে মঙলদৈৰ নাহৰবাৰী নামৰ ঠাইলৈ বিয়া হৈ যোৱা এগৰাকী ন-বোৱাৰীক আজি শহুৰেকৰ ঘৰৰ মানুহে চূড়ান্ত নিৰ্মমতাৰে জীৱন্তে জ্বলাই দিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা ঘটে। দহ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত বিতু হাজৰিকা নামৰ এই ছোৱালীজনী বিয়া হৈছিল কৃতী বৰুৱা নামৰ মঙলদৈৰ যুৱকজনলৈ। কৃতী বৰুৱা অসম আৰক্ষীৰ জোৱান আৰু তেওঁ তৃতীয় অসম আৰক্ষী বেটেলিয়নত কৰ্মৰত।

কিন্তু দুৰ্ভাগ্য যে মাত্ৰ দুমাহৰ পিছতে সেই প্ৰেম বিবাহ পৰিণত হ’ল কৰুণ মৃত্যুৰ কোলালৈ। বোৱাৰীগৰাকীৰ দেহ সম্পূৰ্ণকৈ জ্বলি এঙাৰ হৈ যায়। পৰিয়ালৰ লোকে ইয়াক পৰিকল্পিত হত্যা বুলি দাবী কৰিছে। জানিব পৰামতে দহ বছৰৰ সম্পৰ্কৰ পিছতো বিতুক স্বামী কৃতী বৰুৱাই বিয়া কৰাব বিচৰা নাছিল।

চি আই এছ এফত চাকৰি কৰা ককায়েকে বিৰাজ হাজৰিকাই এই দুৰ্ভাগ্যৰ খবৰ দি ফেচবুক পোষ্টত লিখে, ‘অলপ সময়ৰ আগতে মোৰ ভনীক জুই জ্বলাই মাৰি পেলালে’।

তেওঁলোক দুখীয়া ঘৰৰ বাবেই এই অৱস্থাৰ সন্মুখীন হ’ব লগীয়া হ’ল বুলিও দুখ কৰে।

‘অলপ সময়ৰ আগতে মোৰ ভনীক জুই জ্বলাই মাৰি পেলালে শহুৰেকৰ ঘৰত মংগলদৈত । দুমাহ মান আগতে বিয়া হৈছিল , মই ছুটি লৈ আহি আছো । আগলৈ যাতে আৰু এনেকুৱা ঘটনা নহয় তাৰ বাবে ব্যৱস্থা লব লাগিব, আৰু কোনো ছোৱালী যাতে মৰিব লগা নহয় । আমি দুখীয়া ঘৰৰ বাবে আমাৰ এই অবস্থা।’ এইদৰে কয় তেওঁ নিজৰ পোষ্টত।

মন কৰিব লগীয়া যে এই ঘটনাৰ পিছতো তেওঁ অতি ধৈৰ্য্যসহ আৰু কোনো প্ৰৰোচনা নোহোৱা ধৰণৰ পোষ্ট লিখে। ‘ৰাইজৰ সহায় লাগিব।’ এইদৰে তেওঁ ৰাইজৰ সহায়ো কামনা কৰে।

উল্লেখ কৰিব পাৰি যে বোৱাৰীগৰাকীৰ ককায়েক বিৰাজ হাজৰিকাক সকলোৱে গৰীৱৰ বন্ধু বুলিয়ে জানে। তেওঁ নিজৰ দৰমহাৰ আধা দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীৰ সহায়ৰ বাবে বিলাই আহিছে। তেওঁ এই বদান্যতাৰ বাবে বহু সন্মানো লাভ কৰিছে। বিৰাজ হাজৰিকা বৰ্তমান শিৱসাগৰৰ কৰ্মস্থলীৰ পৰা ঘৰ অভিমুখে আহি আছে।