হায়দৰাবাদ দলবদ্ধ ধৰ্ষণ: শাসনাধিষ্ঠ দলৰ নেতাৰ পুত্ৰসহ দুজনক গ্ৰেপ্তাৰ

Hyderabad Gang-Rape

যোৱা সপ্তাহত হায়দৰাবাদৰ জুবিলী হিলছত এগৰাকী স্কুলীয়া ছাত্ৰীৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত দুজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে তেলেংগানা আৰক্ষীয়ে। ইয়াৰে এজন কিশোৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ তেলেংগানা ৰাষ্ট্ৰ সমিতি দলৰ স্থানীয় নেতাৰ পুত্ৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আনহাতে এই গোচৰত অভিযুক্ত ছাদুদ্দিন মালিক নামৰ আন এজন কিশোৰক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে যোৱা ২৮ মে’ত হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলত অনুষ্ঠিত এক পাৰ্টিৰ অন্তত ঘৰলৈ উভতি অহাৰ সময়ত ৫ জন যুৱকে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। CCTV ফুটেজ নীৰিক্ষণ কৰি ৫ অভিযুক্তক চিনাক্ত কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিজন অভিযুক্ত নাবালক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।

তেলেংগানাৰ ৰাজধানীৰ মাজমজিয়াত সংঘটিত হোৱা এই অপৰাধত ৰাজনীতিবিদৰ সন্তান জড়িত থকাৰ অভিযোগ উত্থাপনৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে জ্যেষ্ঠ আৰক্ষী বিষয়া জোৱেল ডেভিছে ধৰ্ষণ কাণ্ডত ৰাজ্যখনৰ গৃহমন্ত্ৰীৰ নাতি জড়িত থকাৰ অভিযোগ ভুৱা বুলি মন্তব্য কৰিছে।

ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰথম অৱস্থাত শাৰীৰিক উৎপীড়নৰ গোচৰ ৰুজু কৰিছিল। কিন্তু স্বাস্থ্য পৰীক্ষাৰ সময়ত কিশোৰীগৰাকীৰ ভাষ্যৰ পিছত গোচৰটো ধৰ্ষণলৈ সলনি কৰা হয়।

শাসকীয় টি আৰ এছৰ কাৰ্যকৰী সভাপতি তথা তেলেংগানাৰ মন্ত্ৰী কে টি ৰামা ৰাওৱে শুকুৰবাৰে ৰাজ্যখনৰ গৃহমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু হায়দৰাবাদ চহৰৰ আৰক্ষী আয়ুক্তক এই গোচৰত তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

ইফালে এই ঘটনাটোৱে এতিয়া ৰাজনৈতিক ৰং লোৱা পৰিলক্ষিত হৈছে। বিৰোধী দল বিজেপিয়ে শাসকীয় টি আৰ এছ আৰু আছাদুদ্দিন ওৱেছিৰ AIMIM দলৰ নেতা এই ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। ইচ্ছাকৃতভাৱে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাত পলম কৰাৰ অভিযোগ তুলিছে বিজেপিয়ে। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু উচিত তদন্তৰ দাবীত বিজেপিৰ সদস্যই জুবিলী হিলছ আৰক্ষী থানাৰ সন্মূখত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে।