• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আজি লজ্জানত! সত্ৰনগৰী মাজুলীত ধৰ্ষণৰ বলি হ’ল হাইদৰাবাদৰ গৱেষক ছাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2023 4:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসমক লজ্জানত কৰা এক জঘন্য ধৰ্ষণকাণ্ড সংঘটিত কৰিলে কোনো পাষণ্ডই। মাজুলীত লুলুপ ব্যক্তিৰ ধৰ্ষণৰ বলি হ’ল গৱেষণা কৰিবলৈ অহা হাইদৰাবাদৰ গৱেষক ছাত্ৰী।

জানিব পৰা মতে, বৃহস্পতিবাৰে মাজুলীৰ অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ যোৱা ফেৰীৰ বাবে গৈ থকা অৱস্থাত ছাত্ৰীগৰাকীৰ শৰীৰত ফটা–ছিটা কাপোৰ আৰু আঘাতৰ চিন লক্ষ্য কৰি সহযাত্ৰী সকলে দুৰ্দশাগ্ৰস্ত ছাত্ৰীগৰাকীক সোধ–পোচ কৰে।

ছাত্ৰীগৰাকীয়ে কয় যে তেওঁ গৱেষণাৰ কাম শেষ কৰি নিমাতীঘাটলৈ যোৱা উদ্দেশ্যেৰে অফলামুখৰ ফেৰী ঘাটলৈ এখন ই ৰিক্সাৰে আহি আছিল। কিন্তু আগৰ ৰাস্তাটোৰ অৱস্থা ভাল নোহোৱাৰ বাবে চালকজনে অফলামুখ ঘাট পাবলৈ কিছুদূৰ থাকোঁতেই যাত্ৰীসকল নমাই দি সেইখিনি খোজ কাঢ়ি যাবলৈ কয়।

কিন্তু ই ৰিক্সাৰ পৰা নামি হাবিতলীয়া ৰাস্তাটোৰে গৈ থকাৰ অৱস্থাতে সেই ই-ৰিক্সাখনত অহা এগৰাকী সহযাত্ৰীয়ে তেওঁক হঠাতে জংঘলৰ মাজলৈ টানি নি উপৰ্যুপৰি ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলাই যায়।

ইয়াৰ পিছতে মুমূৰ্ষ অৱস্থাত যুৱতীগৰাকীক ফেৰীৰ যাত্ৰীসকলে প্ৰত্যক্ষ কৰে আৰু যাত্ৰীৰ সোধ–পোচত ধৰ্ষণ কাণ্ডৰ কথা পোহৰলৈ আহে। লগে লগে এগৰাকী মহিলাই এযোৰ কাপোৰ কিনি আনি বিধস্ত যুৱতীগৰাকীক পিন্ধিবলৈ দিয়ে।

ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় ৰাইজ আৰু যাত্ৰীসকলৰ মাজৰ পৰা ডাইল ১০০ লৈ ফোন কৰে যদিও সময়তে আৰক্ষী সেই স্থানত উপস্থিত নহ’ল। অৱশেষত হতাশ হৈ এজন ব্যক্তিয়ে নিজৰ মটৰ চাইকেলত যুৱতীগৰাকীক আৰক্ষী থানাৰ অভিমুখে লৈ যায় আৰু বাটতে আৰক্ষীৰ দলৰ মুখা-মুখী হয়।

জানিব পৰা মতে, বতৰ্মান ভুক্তভোগী গৱেষক ছাত্ৰীগৰাকী মাজুলীৰ বঙাইগাঁও আৰক্ষী থানাৰ জিম্মাত আছে।

ইয়াৰ পূৰ্বে ছাত্ৰীগৰাকীক সমবেত ব্যক্তিসকলৰ এজনে নিজৰ মোবাইল ফোনটো দি তেওঁ নিজৰ ঘৰলৈ ফোন কৰি সমগ্ৰ খণ্ডটোৰ বিষয়ে অৱগত কৰাত সহায় কৰে।

স্থানীয় লোকসকলে দাবী কৰা মতে, সময়মতে আৰক্ষী আহি পালে দোষীক ধৰা পৰিলেহেঁতেন। যিহেতু দোষী ইতিমধ্যে সেই স্থানৰ পৰা পলাই গৈছে, এতিয়া তেওঁক ধৰি ৰখাটো এক কষ্টকৰ কাম হ’ব। লগতে, আৰক্ষী পলমকৈ অহাৰ ঘটনাক ধিক্কাৰ দিছে স্থানীয়ে ৰাইজে।

দুখজনক কথাটো হ’ল যে সত্ৰ নগৰী বুলি পবিত্ৰ জ্ঞান কৰা মাজুলীত এনে এটা জঘন্য অপৰাধ সংঘটিত হোৱাটো অসমৰ বাবে এক লজ্জাজনক বিষয়।

মাজুলীলৈ প্ৰতিবছৰে গৱেষণাৰ কামত বা ফুৰিবলৈ দেশ–বিদেশৰ পৰা হাজাৰ হাজাৰ পৰ্যটক আহে। এতিয়া এই ঘটনাৰ পিছত ভৱিষ্যতে মাজুলীলৈ আহিবলগা পৰ্যটক সকলে সুৰক্ষিত অনুভৱ কৰিবনে? এই প্ৰশ্নই এতিয়া উদ্ৰেক হৈছে সচেতন ৰাইজৰ মনত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd