NORTHEAST NOW (Assamese)

শ্ৰীলংকাৰ পৰা ভাৰতলৈ সাগৰ সাঁতুৰি অভিলেখ গঢ়িলে হায়দৰাবাদৰ এগৰাকী ৪৭ বছৰীয়া মহিলাই; কোন এই মহিলা?

March 20, 2021 4:14 pm · এন ই নাও নিউজ
Updated: March 20, 2021 4:22 pm

হায়দৰাবাদৰ এগৰাকী ৪৭ বছৰীয়া মহিলাই শ্ৰীলংকাৰ পৰা ভাৰতলৈ ৩০ মাইল সাঁতুৰি এক অনন্য অভিলেখ ৰচিবলৈ সক্ষম হৈছে।

শ্যামলা গুলী নামৰ হায়দৰাবাদৰ এই মহিলাগৰাকীয়ে শুকুৰবাৰে ভাৰত-শ্ৰীলংকাৰ মাজৰ ৩০ মাইল দৈৰ্ঘ্যৰ পাল্ক ষ্ট্ৰেইটত সাঁতুৰি অন্য এক ইতিহাস ৰচিছে।

দক্ষিণ শ্ৰীলংকাৰ তালামান্নাৰ পৰা ভাৰতৰ ধনুশকুড়ীলৈ এই সাঁতোৰ সম্পন্ন কৰিবলৈ শ্যামলাক ১৩ ঘণ্টা ৪৩ মিনিট সময়ৰ প্ৰয়োজন হয়।

অভিযান্ত্ৰিক স্নাতক এক পুত্ৰৰ মাতৃগৰাকীয়ে কেবাবছৰ পূৰ্বে পাল্ক ষ্ট্ৰেইট সাঁতোৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি আহিছিল।

উল্লেখ্য যে এই সাঁতোৰ সম্পন্ন কৰি উৎফুল্লিত হৈ উঠা শ্যমলা এখন প্লে’ স্কুলৰ শিক্ষয়িত্ৰী।

“শ্ৰীলংকাৰ পানী শান্ত আছিল আৰু মই সহজে সাঁতুৰিব পাৰিছিলো। ভাৰতীয় পানী তৰংগযুক্ত আছিল। শেষৰ পাঁচ মাইল সঁচাকৈয়ে কঠিন আছিল। সেয়েহে ভাৰত আৰু শ্ৰীলংকাক বিভক্ত কৰা ৩০ মাইলৰ সাগৰ অতিক্ৰম কৰিবলৈ ৯০ মিনিট অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছিল।” এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ আগত এইদৰে কয় শ্যমলাই।

স্মৰ্তব্য যে যোৱা বৰ্ষতে শ্যমলাই এই সাঁতোৰ সম্পন্ন কৰিবলৈ সকলো ব্যৱস্থা প্ৰায় সম্পূৰ্ণ কৰি তুলিছিল যদিও শ্ৰীলংকাত বলৱৎ কৰাৰ লকডাউনৰ বাবে সেইবাৰ সাঁতোৰৰ সূচী স্থগিত ৰাখিবলৈ বাধ্য হৈছিল।

ইয়াৰ পিছত শ্ৰীলংকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নমল ৰাজাপাকছাই শ্ৰীলংকান চৰকাৰৰ পৰা অনুমতি প্ৰদানৰ লগতে যাৱতীয় সকলো কাম সম্পন্ন কৰি দিয়ে বুলি জনাইছে শ্যামলাই।

শ্ৰীলংকান নৌসেনাই শ্যমলাক সাঁতোৰাৰ সময়ত সহযোগিতা আগবঢ়োৱাৰ লগতে ভাৰতীয় ছুইমিং ফেডাৰেশ্যনে পৰ্যবেক্ষক প্ৰেৰণ কৰি শ্যমলাৰ সাঁতোৰক স্বীকৃতি প্ৰদান কৰিছে।

শ্যামলাৰ এই সাফল্যত শ্ৰীলংকা আৰু ভাৰতৰ দুয়ো দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষই অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰীলংকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নমল ৰাজাপাকছাই শ্যমলাক টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন কৰিছে।

স্মৰ্তব্য যে শ্যামলা হৈছে ৩০ মাইল দৈৰ্ঘ্য পাল্ক ষ্ট্ৰেইটৰ সাঁতোৰ সম্পন্ন কৰা ভাৰতৰ প্ৰথমগৰাকী আৰু বিশ্ব দ্বিতীয়গৰাকী মহিলা।

Related News