DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰমোদ বড়োৱে বড়ো জনগোষ্ঠীৰ ইতিহাস ধ্বংস কৰিছে: মহেশ্বৰ বসুমতাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 20, 2021 3:36 pm
BPF leader slams Promod Bodo

ফটো: নৰ্থইষ্ট নাও।

12.5k
VIEWS
Share on FacebookShare on Twitter

‘’ইউপিপিএল দলটো প্ৰমোদ বড়োৰ নিজস্ব মইমতালিৰে চলোৱা দল। তাৰ বাবে ইউপিপিএলৰ মানুহ ক্ষুব্ধ  হৈছে। বড়ো জনগোষ্ঠীৰ লোক ক্ষুব্ধ হৈছে। প্ৰমোদ বড়োৰ ইউপিপিএল দলে বড়ো জাতিৰ ইতিহাস ধ্বংস কৰিছে। সংগ্ৰামক ধ্বংস কৰিছে। এই কথা বড়ো মানুহে বুজি পাইছে।‘’

এইদৰে মন্তব্য কৰিছে বিপিএফ নেতা, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে।

বসুমতাৰীয়ে কয়, ‘’যিসকলে বিপিএফ ত্যাগ কৰি বিজেপিলৈ গমন কৰিছিল তেওঁলোকে ভুল কৰিছে। শুধৰণি হোৱাৰ সময় এতিয়াও আছে। তেওঁ লোকক আমি আহ্বান জনাইছো তেওঁলোক পুনৰ বিপিএফলৈ উভতি আহক। তেওঁলোকৰ বাবে বিপিএফৰ দুৱাৰ খোলা আছে। কিন্তু তেওঁলোকে নিৰ্বাচনৰ আগতে বিপিএফলৈ ঘুৰি আহিব লাগিব।‘’

শুকুৰবাৰে তামুলপুৰ জিলা বিপিএফৰ কাৰ্যালয়ত নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ বাবে আয়োজিত এখন সভাত এইদৰে মন্তব্য কৰে মহেশ্বৰ বসুমতাৰীয়ে।

তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীৰ প্ৰসংগত বসুমতাৰীয়ে লগতে কয়, ‘’তেওঁৰ অৱস্থা দেখি আমি দুখ পাইছো। তেওঁ বিপিএফ দল ত্যাগ কৰি যাব নালাগিছিল। এই সভাৰ জৰিয়তে ইমানুৱেল মোছাহাৰীৰ লগত বিপিএফ এৰি অন্য দললৈ যোৱা নেতা কৰ্মীক আমি আহ্বান জনাইছো তেওঁলোক পুনৰ বিপিএফ দললৈ উভতি আহক।‘’

শুকুৰবাৰে তামুলপুৰ জিলা বিপিএফৰ কাৰ্যালয়ত বিপিএফ দলৰ সমষ্টিভিত্তিক নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে মহেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ ৰাখি বিপিএফ নেতা গৰাকীয়ে এইদৰে মন্তব্য কৰে।

সভাত উপস্থিত থাকি বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা বিপিএফৰ জ্যেষ্ঠ নেতা গনেশ কছাৰীয়েও বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। বিজেপি দলে দেশৰ ৰাইজক প্ৰতাৰণা কৰাৰ বাহিৰে আন একোকে দিব পৰা নাই বুলিও কছাৰীয়ে মন্তব্য কৰে। শ্ব’লে চিনেমাৰ ডাইলগ মাৰি ইমানুৱেল মোছাহাৰীক কটাক্ষ কৰি গণেশ কছাৰীয়ে ক’লে –‘অৱকীয়া হোগা তেৰা কালীয়া’।

সভাত উপস্থিত থাকি শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ দীপক ডেকাইও বিজেপি দলক সমালোচনা কৰে।

শুকুৰবাৰৰ সভাতে মহেশ্বৰ বসুমতাৰীক সভাপতি, যোগেন বসুমতাৰীক কাৰ্যকাৰী সভাপতি, চিত্ৰশ্বৰ নাৰ্জাৰীক মুখ্য আহ্বায়ক বলেন বড়োক আহ্বায়ক হিচাপে লৈ ৭১ জনীয়া বিপিএফৰ ৫৮ নং তামুলপুৰ বিধান সভাৰ সমষ্টি ভিত্তিক নিৰ্বাচনী পৰিচালনা সমিতি খন গঠন কৰা হয়।

সভাত সুৰেণ বসুমতাৰীক সভাপতি আৰু কানু কলিতাক মুখ্য আহ্বায়ক হিচাপে লৈ ৫১ জনীয়া গয়বাৰী ব্লক বিপিএফৰ নিৰ্বাচন পৰিচালনা সমিতিখনো গঠন কৰা হয়।

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd