NORTHEAST NOW (Assamese)

মাতৃ হিচাপে মই গৌৰান্বিত : ছোনিয়া গান্ধীয়ে কাক ক’লে এই কথা ?

February 2, 2023 12:06 pm · এন ই নাও নিউজ, গুৱাহাটী

বিজেপিৰ চৰকাৰৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে প্ৰায় ১৫০ দিনত ৩৫৭০ কিলোমিটাৰ জোৰা অতিক্ৰম কৰি ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তি ঘটালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

ৰাহুলৰ এই সফলতাৰ বাবে মাতৃ হিচাপে গৌৰৱ অনুভৱ কৰিছে ছোনিয়া গান্ধীয়ে। কালি সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰপতিৰ ভাষণ আৰম্ভ হোৱাৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বেনাৰ্জীক এই কথা জনাইছে ছোনিয়া গান্ধীয়ে।

এই সম্পৰ্কত সুদীপ বেনাৰ্জীয়ে কালি সংবাদ মাধ্যমৰ আগত কৈছে, “কেন্দ্ৰীয় প্ৰেক্ষাগৃ্হত সোমায়েই মই ছোনিয়া গান্ধীক দেখিছিলোঁ। তেতিয়া তে ওঁ মোক থিয় হৈ নমস্কাৰ জনাইছিল। লগতে তেওঁৰ লগত হোৱা মোৰ কথাবতৰাত তেওঁ কৈছিল যে মই মোৰ ল’ৰাক লৈ গৌৰৱ অনুভৱ কৰিছোঁ।”

ময়ো তেখেতক কৈছিলোঁ যে “আপোনাৰ দলৰ দ্বাৰা এটা সফল কাৰ্যসূচী হৈছে। আপুনি আপোনাৰ ল’ৰাক লৈ গৌৰৱ কৰা উচিত।” এইদৰে জনাইছে সাংসদ সু্দীপ বেনাৰ্জীয়ে।

দীৰ্ঘদিন ধৰি চলি থকা কংগ্ৰেছৰ শোচনীয় অৱস্থাক যেন ভাৰত জোড়ো যাত্ৰাই এক ন গতি প্ৰদান কৰিলে। দেশৰ প্ৰায় সকলো ৰাজ্যতেই প্ৰৱেশ কৰি অগনণ লোকৰ সহাঁৰি তথা সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ দল। ৰাহুল গান্ধীৰ উৎসাহ, ত্যাগ, ধৈৰ্য আৰু পৰিশ্ৰমৰ ফলতেই যে এই ভাৰত জোড়ো যাত্ৰা তথা কংগ্ৰেছে এক অনন্য মাত্ৰা লাভ কৰিছে সেয়া স্বীকাৰ কৰিব লাগিব। সেয়েহে, মাতৃ হিচাপে পুত্ৰৰ এই সফলতাক লৈ গৌৰৱ অনুভৱ কৰিছে ছোনিয়া গান্ধীয়ে।

Related News