‘মই মৰা নাই, জীয়াই আছো’, দৰঙৰ দুৰ্ঘটনাত ‘মৃত’ ঘোষিত ইউটিউবাৰ ছানিয়া আখতাৰৰ ঘোষণা

দৰঙৰ বেছিমাৰীত ৩১ অক্টোৱৰৰ আবেলি সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত উদীয়মান ইউটিবাৰ বৰপেটাৰ ছানিয়া আখতাৰা নিহত হোৱা বুলি বিভিন্ন নিউজ চেনেল আৰু ৱেব প’ৰ্টেল (নৰ্থ ইষ্ট নাওত নহয়)ত বাতৰি সম্প্ৰচাৰ হৈছিল।

কিন্তু শেহতীয়াকৈ সকলোকে আচৰিত কৰি ইউটিবাৰ ছানিয়া আখতাৰাই এইবুলি ঘোষণা কৰিছে যে তেওঁৰ মৃত্যু ঘটা নাই আৰু তেওঁ বৰ্তমান সুস্থ শৰীৰে জীয়াই আছে।

দৰাচলতে একাংশ নিউজ চেনেলে বেছিমাৰীৰ দুৰ্ঘটনাটোত কোন কোন নিহত হৈছে সেই বিষয়ে সঠিক খবৰ সংগ্ৰহ নকৰাকৈয়ে বাতৰি সম্প্ৰচাৰ কৰিছিল।

যিহেতু দুৰ্ঘটনাত নিহত লোকসকলে ইউটিউবৰ অনুষ্ঠানৰ শ্বুটিঙৰ বাবে গৈছিল সেইবাবেই বহুতে ১৩ বছৰীয়া ইউটিউবাৰ ছানিয়া আখতাৰৰ মৃত্যু ঘটা বুলি প্ৰচাৰ কৰিছিল।

এনেদৰে বাতৰিৰ সত্য-সত্যতা বিচাৰ নকৰাকৈ বাতৰি প্ৰচাৰ কৰাত মনত গভীৰ আঘাত পাইছে ইউটিবাৰ ছানিয়া আখতাৰাই।

এনে ভুৱা বাতৰি প্ৰচাৰ কৰা বাবে আখতাৰৰ পৰিয়ালৰ লোকসকলে দুখ পোৱা বুলি ইউটিবাৰগৰাকীয়ে প্ৰকাশ কৰিছে।

তেওঁ যিবোৰ নিউজ চেনেল আৰু প’ৰ্টেলে তেওঁৰ মৃত্যুৰ বাতৰি সম্প্ৰচাৰ কৰিছিল সেইবোৰ চেনেল আৰু প’ৰ্টেলৰ পৰা ভুৱা বাতৰিটো আঁতৰাই পেলাবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য ৩১ অক্টোৱৰত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী ছুইফ্ট ডিজায়াৰৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল এখন মালবাহী ট্ৰাকৰ।

এই দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ছুইফ্ট ডিজায়াৰখনৰ ৫জন আৰোহী। আনহাতে এই দুৰ্ঘটনাৰ ফলত তিনিজন লোক আহত হৈছিল।

তেজপুৰ অভিমুখী AS-13 CC-1002 নম্বৰৰ ট্ৰাকৰ সৈতে গুৱাহাটীমুখী AS-07G- 6794 নম্বৰৰ চুইফ্ট ডিজায়াৰ গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছিল এই শোকাৱহ দুৰ্ঘটনাটো।

আহতসকলক ততালিকে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।