• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৯ লাখৰ মাজত বাংলাদেশী নাই!

অসমৰ এন আৰ চি প্ৰকাশৰ গুৰুত্বপূৰ্ণ সন্ধিক্ষণত ইংগিত বাংলাদেশী পৰৰাষ্ট্ৰ মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2019 9:22 pm
ak_abdul_momen "I don't think those excluded are Bangladeshi'': Bangladesh Foreign minister on Assam NRC

বাংলাদেশী পৰৰাষ্ট্ৰ মন্ত্ৰী মোমেন। ছবি সৌজন্য-- The Daily Star।

5.6k
VIEWS
Share on FacebookShare on Twitter

অসমৰ এন আৰ চি বহিৰ্ভূতৰ মাজত নাই বাংলাদেশী!

এন আৰ চি প্ৰকাশৰ সন্ধিক্ষণত তাৎপৰ্য্যপূৰ্ণৰূপে বিবেচিত হ’ব পৰা এই ইংগিত দিছে বাংলাদেশী পৰৰাষ্ট্ৰ মন্ত্ৰীয়ে।

“মোৰ মনে নকয় যে তেওঁলোক বাংলাদেশী,” অসমৰ এন আৰ চি বহিৰ্ভূতৰ সন্দৰ্ভত পৰৰাষ্ট্ৰ মন্ত্ৰী এ কে আব্দুল মোমেনৰ মন্তব্যৰ এই উদ্ধৃতি বাংলাদেশী সংবাদ প্ৰতিষ্ঠান দ ডেইলি ষ্টাৰৰ।

অসমত “বাংলাদেশী/ ৰাষ্ট্ৰহীন লোক/ বিদেশী”ক লৈ ৰাজ্যিক-দেশী-আন্তঃৰাষ্ট্ৰীয় মহল ব্যস্ত থকাৰ সময়তে মন্ত্ৰীজনৰ মন্তব্যত প্ৰকাশ পাইছে সমস্যাটোৰ জটিল বহুমাত্ৰিকতা।

অসমৰ বৰ্তমানৰ এন আৰ চিৰ ভিত্তি অসম আন্দোলনৰ শ্ল’গান আছিল বিদেশী “চিনাক্তকৰণ, অপসৰণ, বিতাড়ন” (detection, deletion, deportation)।

কিন্তু, এন আৰ চিৰে অসম চুক্তিৰ ৰূপায়ণ এঢাপ আগুৱাব বুলি চলা আশাৰ পৰত বাংলাদেশী মন্ত্ৰীজনে ইয়াক ভাৰতৰ “অভ্যন্তৰীণ বিষয়”ৰূপে অভিহিত কৰিছে।

আব্দুল মোমেনে প্ৰসংগৰূপে আঙুলিয়াইছে শেহতীয়া বাংলাদেশ ভ্ৰমণৰ সময়ত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আগবঢ়োৱা মন্তব্যলৈ।

“ভাৰতৰ পৰৰাষ্ট্র মন্ত্রী এছ জয়শঙ্কৰে আমাক কৈছিল যে এইটো পূৰাপূৰি ভাৰতৰ অভ্যন্তৰীণ বিষয় আৰু বাংলাদেশৰ ইয়াক লৈ উদ্বিগ্ন হোৱাৰ কাৰণ নাই। তেওঁ আৰু কৈছিল যে কোনো পৰিস্থিতিতেই বাংলাদেশৰ একো ক্ষতি নহ’ব। সেয়ে আমি বিষয়টো তেনেকৈয়ে চাইছো,” বল ভাৰতৰ ক’ৰ্টলৈ ঠেলি বাংলা মন্ত্ৰী।

মন্ত্ৰীজনে লগতে কয় যে বাদ পৰা লোকসকলক যদি বাংলাদেশৰ পৰা আহিছেও তেন্তে তেওঁলোক ১৯৪৭ বা ১৯৭১ চনৰ আগত অহা। “ইমান বছৰ ধৰি তেওঁলোকে তাতে বাস কৰিছে,” তেওঁ কয়।

মোমেনৰ মতে, ভাৰতলৈ বাংলাদেশী অহাৰ এতিয়া আৰু কোনো কাৰণ নাই।

কাৰণ, “বাংলাদেশে অনেক উন্নতি কৰিছে।…বাংলাদেশত জনমূৰি আয় জীৱনমানৰ খৰচতকৈ তুলনামূলকভাৱে বেছি,” তেওঁ কয়। “মই নাজানো, তেওঁলোকে কিদৰে এই সংখ্যাটো বাহিৰ কৰিছে।”

দীৰ্ঘদিনধৰি বিদেশী, মূলতঃ বাংলাদেশী সমস্যাই, অসমৰ অভ্যন্তৰীণ ৰাজনীতি নিয়ন্ত্ৰণ কৰি অহাৰ বিপৰীতে চুবুৰীয়া “বন্ধু” ৰাষ্ট্ৰখনৰ লগত ভাৰতৰ অদ্যপি কোনো “প্ৰত্যৰ্পণ চুক্তি” নাই।

সদৌ অসম ছাত্ৰ সন্থাক মুখ্য কৰি অসমৰ একাংশ দল-সংগঠনে দীৰ্ঘদিন ধৰি বাংলাদেশৰ সৈতে “প্ৰত্যৰ্পণ চুক্তি” স্বাক্ষৰ কৰাৰ বাবে ভাৰত চৰকাৰক দাবী জনাই আহিছে।

নতুন দিল্লীত শেহতীয়াকৈ দুয়ো দেশৰ গৃহ মন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে বাংলাদেশৰ পৰা “নথিহীনভাৱে সীমান্ত পাৰ হোৱা” বিষয়টো উত্থাপন কৰিছিল।

শনিবাৰে প্ৰকাশিত অসমৰ চূড়ান্ত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিবিষ্ট হৈছে।

দাবী আৰু আপত্তি দাখিল নকৰাসকলকে ধৰি মুঠ  ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে।

এন আৰ চি নাগৰিকৰ পঞ্জী, বিদেশী ঘোষণাৰ আইনী কাৰবাৰ ইয়াৰ আওতাত নাই।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত  ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd