NORTHEAST NOW (Assamese)

টিকট নাপালেও মই আজীৱন কংগ্রেছ হৈ থাকিম : বিধেয়কৰ পক্ষত থকা সুস্মিতা দেব

January 21, 2019 9:22 pm · অপৰ্ণা লস্কৰ
Updated: January 21, 2019 9:24 pm
সংবাদ মাধ্যমক সম্বোধন কৰি সাংসদ সুস্মিতা দেব।

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পক্ষত থিয় হৈ প্ৰদেশ কংগ্ৰেছক বিব্ৰত কৰা শিলচৰৰ সাংসদ তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবে আজি এখন সংবাদমেলত স্থানীয় ভিডিঅ’ সাংবাদিকসকলক এক প্ৰকাৰৰ অপমান কৰাৰ অভিযোগ উঠিছে। সাংসদগৰাকীয়ে আজি শিলচৰৰ কাছাৰ ক্লাবত দিয়া সংবাদমেলখনত কেৱল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগতহে নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চি বিষয় দুটাত তেওঁৰ স্থিতি স্পষ্ট কৰি বক্তব্য দাঙি ধৰে। সকলো আঞ্চলিক সংবাদ মাধ্যমক তেওঁ বক্তব্য লোৱাৰ পৰা বাধা প্ৰদান কৰে।

জানিব পৰামতে, আঞ্চলিক চেনেলবোৰে ২০ জানুৱাৰিত পুৰণি লখিপুৰৰ মধুৰবন্দত স্থানীয় লোকসকলে সাংসদগৰাকীক ক’লা পতাকা প্ৰদৰ্শন আৰু প্ৰতিকৃতি দাহৰ বাতৰি পৰিৱেশন কৰা বাবে ক্ষুভিত হৈয়ে এই আচৰণ কৰে।

আনহাতে আজিৰ সংবাদমেলত তেওঁ বিধেয়কখনৰ সপক্ষে থকা বুলি নিজৰ স্থিতি পুনৰ স্পষ্ট কৰি দিয়ে।

“কোনোবাই মোৰ প্ৰতিকৃতি দাহ কৰিলেও কৰিব পাৰ, মোক ক’লা পতাকা দেখুৱালেও মোৰ আপত্তি নাই। কিন্তু মই নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থনৰ পৰা আঁতৰি নাহো।” সুস্মিতা দেবে কয়।

আনহাতে ৰাজ্যত বিধেয়কখনৰ বিৰোধিতা কৰি থকা কংগ্ৰেছৰ প্ৰতি থকা তেওঁৰ আনুগত্য প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয়, “মই কংগ্ৰেছী আছিলো, আছো আৰু থাকিম। কংগ্ৰেছ মোৰ তেজতে আছে।”

ইপিনে অহা লোকসভা নিৰ্বাচনত দলে টিকট দিয়া-নিদিয়াৰ প্ৰসংগ টানি সাংসদগৰাকীয়ে কয়, “দলে যদি মোক টিকট নিদিয়েও মোৰ ক’ব লগীয়া নাই। মই জীৱনৰ বাকী গোটেই সময়ছোৱা কংগ্ৰেছ কৰিয়ে থাকিম।”

Related News