চীনা মোবাইল ফোনৰ কোম্পানীৰ বিৰুদ্ধে আয়কৰ বিভাগৰ দেশজুৰি তালাচী অভিযান

চীনৰ মোবাইল ফোনেৰে ভৰি পৰিছে দেশৰ বজাৰ।

এক কথাত ক’বলৈ গ’লে ভাৰতীয় মানুহৰ হাতে হাতে এতিয়া চীনা মোবাইল ফোনৰ সমাহাৰ।

এনে সময়তে আজি পুৱাৰে পৰা দশেৰ বিভিন্ন স্থানত আয়কৰ বিভাগে চীনা মোবাইল ফোনৰ উৎপাদন গোট, ষ্টোৰ হাউচ, গুদাম আদিত তালাচী চলায়।

কৰ ফাঁকিকে ধৰি আন কেইবাটাও অনিয়মৰ অভিযোগৰ ভিত্তিত আয়কৰ বিভাগে এই তালাচী অভিযান চলায়।

তালাচী অভিযানতৰ সৱিশেষ তথ্য এতিয়ালৈকে আয়কৰ বিভাগে প্ৰকাশ কৰা নাই যদিও এই অভিযানৰ সময়ত আয়কৰ বিভাগে চীনৰ মোবাইল ফোনৰ কোম্পানী সমূহে ব্যাপক হাৰত অনিয়ম সংঘটিত কৰাৰ তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য চলিত বৰ্ষৰ আগষ্ট মাহতো আয়কৰ বিভাগে চীনৰ মোবাইল ফোনৰ কোম্পানী জেটটিইৰ কাৰ্যালয়, গুদাম আদিত তালাচী চলাইছিল।

গুৰুগ্ৰামত থকা কোম্পানীটোৰ মুৰব্বীকো আয়কৰ বিভাগে সোধা-পোছা কৰিছিল।

ইয়াৰ পিছতে আজি পুনৰ আয়কৰ বিভাগে চীনা মোবাইল ফোনৰ কোম্পানীৰ বিৰুদ্ধে তালাচী অভিযান চলায়।

আয়কৰ বিভাগে মোবাইল ফোন পৰিবহন কৰা কোম্পানী, ঋণ প্ৰদান কৰা প্ৰতিষ্ঠান আদিতো তালাচী চলায় বুলি জানিব পৰা গৈছে।