ভাঙি পৰিল ভাৰতীয় বায়ুসেনাৰ মিগ-২১ যুদ্ধবিমান; পাইলট স্কোৱাড্ৰন লিডাৰৰ মৃত্যু

iaf-mig21-1621567827

ফটো সৌজন্য: ইণ্ডিয়া টিভি।

নিয়মীয়া অনুশীলন চলাৰ সময়ত পঞ্জাৱৰ মোগাত ভাঙি পৰিল ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২১ যুদ্ধবিমান। যোৱা নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

বাতৰি অনুসৰি, নিয়মীয়া প্ৰশিক্ষণ চলি থকাৰ সময়তে যুদ্ধবিমানখন দুৰ্ঘটনাত পতিত হয়। এই ঘটনাত এজন পাইলট স্কোৱাড্ৰন লিডাৰ অভিনৱ চৌধুৰী গুৰুতৰভাৱ আহত হোৱাৰ পাছত মৃত্যু হয়।

এই ঘটনা কেনেকৈ সংঘটিত হ’ল বায়ুসেনাই তাৰ তদন্ত অব্যাহত ৰাখিছে। বায়ুসেনাৰ ফালৰ পৰা টুইট কৰি স্কোৱাড্ৰন লিডাৰ অভিনৱ চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰা হৈছে।

বৃহস্পতিবাৰে নিশা ৯-৩০বজাত দুৰ্ঘটনাটো সংঘটিত হয়। নিশা প্ৰায় চাৰে এঘাৰ বজাত ঘটনাটো আৰক্ষীক জনোৱা হয়।

পঞ্জাৱৰ মোগাৰ ভগপুৰানাক লংগিয়ানা খুৰ্দ গাওঁৰ এচৰত যুদ্ধবিমানখন ভাঙি পৰে। দুৰ্ঘটনাৰ প্ৰায় ৩ঘন্টা পাছত বিমানখনৰ পাইলটক বিচাৰি পোৱা যায়। ঘটনাটোত পাইলট স্কোৱাড্ৰন লিডাৰ অভিনৱ চৌধুৰীৰ মৃত্যু হৈছে।

উল্লেখ্য যে চলিত বছৰত এইটো মিগ-২১ যুদ্ধবিমানৰ তৃতীয়টো ভাঙি পৰা ঘটনা।ইয়াৰ পূৰ্বে মাৰ্চত মধ্য ভাৰতত মিগ-২১ যুদ্ধবিমান ভাঙি পৰাৰ ঘটনা সংঘটিত হৈছিল। সেই দুৰ্ঘটনাত এগৰাকী গ্ৰুপ কেপ্টেইনৰ মৃত্যু হৈছিল।

আনহাতে, যোৱা জানুৱাৰী মাহত ৰাজস্থানত আন এখন মিগ-২১ যুদ্ধবিমান দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাত অৱশ্যে পাইলট কথমপি ৰক্ষা পৰিছিল।