কবিগুৰু ৰবীন্দ্ৰনাথক সুঁৱৰি ক্ৰিকেটৰ মহাৰণত ভাৰত-বাংলাদেশ

India vs Bangladesh ICC Cricket World Cup 2019: Rabindra Nath Tagore "unity factor'' for India and Bangladesh

উৎস : ইন্টাৰনেট

চলিত ক্ৰিকেট বিশ্বকাপত ইংলেণ্ডৰ বিপৰীতে প্ৰথম পৰাজয়ৰ পিছত মঙলবাৰে বাৰ্মিংহামত বাংলাদেশৰ মুখামুখি হৈছে ভাৰতীয় দল।

প্ৰতিযোগিতাত টিকি থাকিবলৈ বাংলাদেশৰ বাবে এই খেলখন জীৱন-মৰণ সদৃশ। কিন্তু ক্ৰিকেটৰ ৰণক্ষেত্ৰত নমাৰ পূৰ্বে দুয়ো দলে গোৱা ৰাষ্ট্ৰীয় সংগীতৰ ক্ষেত্ৰত দুয়ো চুবুৰীয়া প্ৰতিদ্বন্দ্বী দেশৰ আছে এক অনন্য সংযোগ।

বাংলা ভাষাত লিখিত ভাৰতৰ ‘জন-গণ-মন’ আৰু বাংলাদেশৰ ‘আমাৰ সোণাৰ বাংলা’ দুয়োটা ৰাষ্ট্ৰীয় সংগীতৰে ৰচক কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ।

মঙলবাৰেও এদজবাষ্টনৰ ক্ৰিকেট গ্ৰাউণ্ডত খেলত নমাৰ পূৰ্বে দেশক প্ৰতিনিধিত্ব কৰা দুয়ো দলৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় সংগীত আওঁৰায়।

মাস্ৰাফে ম’ৰ্তাজা নেতৃত্বাধীন দলে এই খেলত বিজয়ী হ’ব পাৰিলে পাকিস্তানক অতিক্ৰমি ছেমি ফাইনেলত স্থান পোৱাৰ সম্ভাৱনা জীয়াই থাকিব।

ভাৰত গণৰাজ্যৰূপে ঘোষিত হোৱাৰ দুদিন পূৰ্বে ১৯৫০ চনৰ ২৪ জানুৱাৰিত ‘জন গণ মন’ক ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰা হৈছিল।

‘আমাৰ সোণাৰ বাংলা’ গীতটো ৰবীন্দ্ৰনাথে ১৯০৫ চনত বংগ বিভাজনৰ সময়ত ৰচনা কৰিছিল।

পিছত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ১৯৭১ চনত এই গীতটোক বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰূপে গ্ৰহণ কৰা হয়।

চলিত খেলখনত টছত জিকি প্ৰথমে বেট ধৰা ভাৰতে ভাৰতীয় সময় আবেলি ৫:৪০বজালৈকে ৩৬.৫ অ’ভাৰত ২টা ৱিকেট হেৰুৱাই ২২৬ ৰান সংগ্ৰহ কৰিছে।