NORTHEAST NOW (Assamese)

প্ৰসিদ্ধ ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙক T-20 বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি

April 27, 2024 11:04 am · এন ই নাও নিউজ, গুৱাহাটী

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ দ্বাৰা যৌথভাৱে আয়োজন কৰা পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) ভাৰতৰ কিংবদন্তি অল-ৰাউণ্ডাৰ যুৱৰাজ সিঙক এই প্ৰতিযোগিতাখনৰ বাবে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰিছে৷এই প্ৰতিযোগিতখন ১ জুনৰ পৰা আৰম্ভ হ’ব।

২০০৭ চনত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত যুৱৰাজে এটা অভাৰত ছটা ছিক্সাৰ কোবাই ইতিহাস ৰচনা কৰে।উক্ত সংস্কৰণতে এম এছ ধোনীৰ নেতৃত্বত ভাৰতে টি-২০ বিশ্বকাপৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হয়।

ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি পোৱাৰ পাছতে যুৱৰাজে কয় যে, ‘ৱেষ্ট ইণ্ডিজ ক্ৰিকেট খেলাৰ বাবে এক উত্তম স্থান য’ত অনুৰাগীসকলে বিশ্বৰ সেই অংশৰ দিশটো উন্মোচন কৰিবলৈ আহিব, আনহাতে আমেৰিকাতো ক্ৰিকেটৰ সম্প্ৰসাৰণ ঘটিছে আৰু মই সেই বৃদ্ধিৰ অংশ হ’বলৈ পাই মই উৎসাহিত হৈছো৷’

উল্লেখ্য যে, ১-২৯ জুনলৈ অনুষ্ঠিত হ’ব আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ৷ টেক্সাছৰ গ্ৰেণ্ড প্ৰেৰি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী খেলখনত সহ-আয়োজক ইউএছএ আৰু কানাডা মুখামুখি হ’ব। ৯টা স্থানত ২০টা দলে মুঠ ৫৫খন মেচ খেলিব আৰু ২৯ জুনত বাৰ্বাডোছত ফাইনেল মেচ অনুষ্ঠিত হ’ব।

Related News