NORTHEAST NOW (Assamese)

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আদৰ্শ ৰাষ্ট্ৰসংঘ সন্মিলন ২০২৪

November 11, 2024 7:13 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উদ্যোগত ৯ নৱেম্বৰ ২০২৪ তাৰিখে বিশ্ববিদ্যালয়ৰ  চৌহদত আদৰ্শ ৰাষ্ট্ৰসংঘৰ (MUN) সন্মিলন অনুষ্ঠিত হয়। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সন্মিলনৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বজনীন বিষয়সমূহৰ ওপৰত অৰ্থপূৰ্ণ আলোচনাত জড়িত কৰা, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে তেওঁলোকৰ বুজাবুজি বৃদ্ধি কৰাৰ লগতে কূটনীতি, আলোচনা, আৰু ৰাজহুৱা ভাষণৰ ক্ষেত্ৰত উপযুক্ত দক্ষতাৰ বিকাশ কৰা ।

সন্মিলনৰ বিষয়বস্তু হৈছে ‘লিংগ আৰু পৰিৱেশ ন্যায়’, য’ত লিংগ সমতা আৰু পৰিৱেশ সুৰক্ষাৰ জৰুৰী প্ৰয়োজনীয়তাক গুৰুত্ব দিয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক সেই বিষয়ত কাম কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। অসমৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা প্ৰায় আশীজন ছাত্ৰ-ছাত্ৰীয়ে “জি চি ইউ এম ইউ এন ’২৪” সন্মিলনত নাম পঞ্জীয়ন কৰিছে

আদৰ্শ ৰাষ্ট্ৰসংঘ হৈছে এক শৈক্ষিক অনুকৰণ য’ত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দেশক প্ৰতিনিধিত্ব কৰা কূটনীতিবিদৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে জলবায়ু পৰিৱৰ্তন, মানৱ অধিকাৰ, আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, আৰু অৰ্থনৈতিক উন্নয়নকে ধৰি বিশ্বব্যাপী জৰুৰী বিষয়সমূহৰ ওপৰত বিতৰ্ক আৰু আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাত  লব্ধ অভিজ্ঞতাই ছাত্ৰ-ছাত্ৰীসকলক জটিল বিষয়সমূহ অন্বেষণ কৰিবলৈ, সমনীয়াৰ সৈতে সহযোগিতা কৰিবলৈ, আৰু ৰাষ্ট্ৰসংঘৰ প্ৰকৃত কাম-কাজৰ প্ৰতিফলন ঘটোৱা এটা গাঁথনিগত পৰিৱেশত সমাধানৰ প্ৰস্তাৱ দিবলৈ অনুমতি দিয়ে। এই সন্দৰ্ভত সমালোচনাত্মক আলোচনা চলাবলৈ চাৰিখন সমিতি গঠন কৰা হৈছে- ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ, ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা সম্পৰ্কীয় সন্মিলন, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈঠক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেছ ফটোগ্ৰাফী আৰু সাংবাদিকতা। সন্মিলনৰ প্ৰথম দিনটোত এই সমিতিসমূহৰ সদস্যসকলৰ মাজত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ত গঠনমূলক বিতৰ্ক অনুষ্ঠিত হয়।

অনুষ্ঠানত শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ সভাপতি শ্ৰীযশোদা ৰঞ্জন দাসে আদৰণি ভাষণ  ৰাখি আন্তঃৰাষ্ট্ৰীয় আলোচনা বিনিময়ক প্ৰতিনিধিত্ব কৰা  আৰ্হি ৰাষ্ট্ৰসংঘ সন্মিলনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশ্ববিদ্যালয়ৰ আচাৰ্য্য  অধ্যাপক জয়ন্ত ডেকাই ভাষণ প্ৰসঙ্গত কয় যে আদৰ্শ ৰাষ্ট্ৰসংঘ সন্মিলনৰ  লক্ষ্য হৈছে দেশসমূহৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ধাৰণাটো বাস্তৱায়িত কৰা আৰু বহনক্ষম উন্নয়নক প্ৰসাৰ কৰা। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে উল্লেখ কৰে যে “জি চি ইউ এম ইউ এন ’২৪” আয়োজনৰ মুখ্য কাৰণ হৈছে বিতৰ্কৰ ধাৰণাক প্ৰসাৰিত আৰু অন্তৰ্ভুক্তি কৰা আৰু মানৱতাকে ধৰি ৰাষ্ট্ৰসংঘৰ মূল্যবোধক ৰক্ষা কৰা।

ইয়াৰ পিছতে সন্মানীয় অতিথি – ফাউণ্ডেশ্যন ফৰ ছ’চিয়েল ট্ৰেন্সফৰ্মেচনৰ কাৰ্যবাহী সঞ্চালক ঋতুপন গগৈ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ  ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক অখিল ৰঞ্জন দত্তই ভাষণ প্ৰদান কৰে অধ্যাপক অখিল ৰঞ্জন দত্তই যুক্তি আগবঢ়ায় কয় যে মডেল ৰাষ্ট্ৰসংঘৰ সন্মিলনসমূহে কেৱল ৰাষ্ট্ৰসংঘৰ প্ৰকৃত কাম-কাজক প্ৰতিফলিত কৰাই নহয়বিশ্বজনীন  ব্যৱস্থাৰ  বিকল্প হিচাপেও সহায় কৰিব পাৰে। আনহাতে ঋতুপন গগৈয়ে সন্মিলনৰ কেন্দ্ৰীয় বিষয়বস্তু লিংগ আৰু পৰিৱেশ ন্যায়ৰ ওপৰত বক্তব্য প্ৰদান কৰে।

Related News