• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

খিলঞ্জীয়াৰ অধিকাৰ কৰ্মী প্ৰণৱ দলেক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰাক লৈ অসম চৰকাৰক কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছে। বিৰোধী দলটোৱে অভিযোগ কৰিছে যে বিজেপি চৰকাৰে বিৰোধী কণ্ঠ ৰোধ কৰিবলৈ এনে কঠোৰ আইনক "অস্ত্ৰ" হিচাপে ব্যৱহাৰ কৰাৰ এক ধাৰা গঢ়ি তুলিছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2026 8:45 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খিলঞ্জীয়াৰ অধিকাৰ কৰ্মী প্ৰণৱ দলেক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰাক লৈ অসম চৰকাৰক কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছে। বিৰোধী দলটোৱে অভিযোগ কৰিছে যে বিজেপি চৰকাৰে বিৰোধী কণ্ঠ ৰোধ কৰিবলৈ এনে কঠোৰ আইনক “অস্ত্ৰ” হিচাপে ব্যৱহাৰ কৰাৰ এক ধাৰা গঢ়ি তুলিছে। কংগ্ৰেছে এই কাৰ্যক প্ৰতিৰোধমূলক আটক আইনৰ “চৰম অপপ্ৰয়োগ” আৰু ৰাজ্য চৰকাৰৰ “সীমা অতিক্ৰম” বুলি আখ্যা দিছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক (যোগাযোগ) জয়ৰাম ৰমেশে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা অনুসৰি, জিলা আদালতে প্ৰণৱ দলেক জামিন প্ৰদান কৰাৰ এদিন পিছতেই, অৰ্থাৎ ৩০ জুলাইত অসম চৰকাৰে তেওঁৰ বিৰুদ্ধে এন এছ এ প্ৰয়োগ কৰে। ৰমেশে কয়, “দলেৰ বিৰুদ্ধে এন এছ এ প্ৰয়োগ কৰাটো বিজেপি চৰকাৰে ভিন্নমতক স্তব্ধ কৰিবলৈ অসাধাৰণ আইনসমূহক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা ধাৰাটোৰেই এটা অংশ। এয়া প্ৰতিৰোধমূলক আটক আইনৰ চৰম অপপ্ৰয়োগ।”

Apply Now

তেওঁ অভিযোগ কৰে যে দলেক আটক কৰাৰ নিৰ্দেশটো অস্পষ্ট আৰু অনুমানভিত্তিক অভিযোগৰ ওপৰত আধাৰিত। চৰকাৰে দাবী কৰিছে যে দলে “সন্দেহজনক উৎসৰ পৰা বিদেশী লেনদেন”ৰ সৈতে জড়িত, যাক ৰমেশে বৰ্তমানৰ চৰকাৰৰ “পৰিচিত চিত্ৰনাট্য” বুলি কটাক্ষ কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে অসম চৰকাৰৰ সমৰ্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ প্ৰস্তাৱিত পঞ্চতাৰকা ৰিজৰ্টৰ বিৰোধিতা কৰা গাঁওবাসীক সমৰ্থন কৰাৰ বাবেই দলেক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২২ চনৰ পৰাই গোলাঘাট জিলাৰ খিলঞ্জীয়া লোকসকলে এই প্ৰকল্পৰ বিৰোধিতা কৰি আহিছে আৰু মাটি বলপূৰ্বকভাৱে কাঢ়ি লোৱাৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰো কাষ চাপিছে।

২৯ জুলাইৰ জামিনৰ নিৰ্দেশৰ কথা উল্লেখ কৰি তেওঁ কয় যে আদালতে পৰ্যবেক্ষণ কৰিছিল যে, “য’ত পৰিৱেশ সংৰক্ষণ আৰু খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰশ্ন জড়িত হৈ থাকে, তাত স্থানীয় লোকৰ ন্যায্য উদ্বেগক দমন কৰিবলৈ অপৰাধমূলক আইন ব্যৱহাৰ কৰিব নোৱাৰি।” ৰমেশে কয়, “এয়া স্পষ্ট যে অসম চৰকাৰে ঠিক সেই কামটো কৰিবলৈকে এন এছ এ প্ৰয়োগ কৰিছে।”

আনহাতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়েও শনিবাৰে এই কাৰ্যক সমালোচনা কৰি কয় যে ইয়াৰ জৰিয়তে ভিন্নমতৰ প্ৰতি ৰাজ্য চৰকাৰৰ অসহনশীলতাহে প্ৰকাশ পাইছে। গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত শিল্পী জুবিন গাৰ্গৰ দেৱাল চিত্ৰ অংকন কৰা শিল্পীক এন এছ এ লগোৱাৰ ভাবুকি দিয়া প্ৰসংগটোও উল্লেখ কৰে।

উল্লেখ্য যে, যোৱা জুন মাহত অনুষ্ঠিত এক প্ৰতিবাদৰ সৈতে জড়িত গোচৰত ১৩ জুলাইত গুৱাহাটীত প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰি গোলাঘাট জিলা কাৰাগাৰত ৰখা হৈছিল। ২৯ জুলাইত তেওঁ জামিন লাভ কৰিছিল যদিও পিছদিনাই চৰকাৰে ১৯৮০ চনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ৩(২) ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে এন এছ এ প্ৰয়োগ কৰে। ফলস্বৰূপে তেওঁ বৰ্তমান গোলাঘাট কাৰাগাৰতেই বন্দী হৈ আছে। কাজিৰঙাৰ দৰে স্পৰ্শকাতৰ অঞ্চলত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিলে পৰিৱেশৰ বিস্তৰ ক্ষতি হ’ব বুলি দাবী কৰি প্ৰণৱ দলে দীৰ্ঘদিন ধৰি প্ৰতিবাদৰ নেতৃত্ব দি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd