NORTHEAST NOW (Assamese)

অহা ২২ ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ ‘IDOL’ৰ পৰীক্ষা

December 18, 2019 11:41 am · এন ই নাও নিউজ
ফটো উৎস : ইণ্টাৰনেট

নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে বাতিল কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ‘আইদল’ৰ পৰীক্ষাৰ নুতুন সময়সূচী প্ৰকাশ কৰিছে।

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে বাতিল হোৱা ১৫ ডিচেম্বৰৰ আইদলৰ পৰীক্ষা এতিয়া অহা ২২ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰকে মঙলবাৰে এক জাননীযোগে এই কথা জানিবলৈ দিয়ে।

জাননীখনত উল্লেখ কৰা হয় যে ১৫ ডিচেম্বৰত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ইয়াক স্থগিত ৰখা হৈছিল। সেয়ে অহা ২২ ডিচেম্বৰত আইদলৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে পূৰ্বৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৰ্তমানৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যজুৰি অব্যাহত থকা তীব্ৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান চমুকৈ আইদলৰ পৰীক্ষা বাতিল কৰা হৈছিল।

Related News