• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“আন্দোলনকাৰীৰ মাজত বিভাজন কৰিবলৈ সাম্প্ৰদায়িক আৰু ৰাজনৈতিক ৰং দিয়াৰ চেষ্টা হিমন্ত বিশ্বৰ”

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2019 10:02 am

2 min read

21-05-18-Guwahati-Himanta-Biswa-Sarma-press-meet-2-1024x661

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

773
VIEWS
Share on FacebookShare on Twitter

সীমিত ইণ্টাৰনেট সেৱাৰ মাজতে হিমন্ত বিশ্বক আক্ৰমণ অব্যাহত ৰাখিছে ছ’চিয়েল মিডিয়া য়ুজাৰে।

ৰাজ্যখনৰ শক্তিশালী মন্ত্ৰীজনৰ প্ৰতিটো ফেইচবুক পোষ্টত শ শ য়ুজাৰে অতি লেতেৰা ভাষাৰে গালি-গালাজ কৰাৰ লগতে অভিশাপ বৰ্ষণ কৰি থকা দেখা গৈছে।

যোৱা দুদিনত হিমন্তই দিয়া পোষ্টবোৰ আৰু হিমন্তৰ সংবাদমেলৰ ভাষ্যক লৈ ছ’চিয়েল মিডিয়া য়ুজাৰে তেওঁক তীব্ৰ আক্ৰমণ কৰে।

বহুতৰ অভিযোগ মন্ত্ৰীজনে বৰ্তমানৰ অসমৰ পৰিস্থিতি চম্ভলাৰ নামত বিভাজনৰ ৰাজনীতি কৰিছে, যিটো কেন্দ্ৰৰ বিজেপি নেতাসকলেও কৰা বুলি তেওঁলোকৰ দাবী।

১৬ ডিচেম্বৰত মন্ত্ৰীজনে অসমৰ জনজাতীয় সংস্থা, সংগঠনবোৰৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে বৈঠকত বহাৰ এটা পোষ্টত ছ’চিয়েল মিডিয়া য়ুজাৰে এই সময়ত এয়া মন্ত্ৰীজনৰ বিভাজনৰ ৰাজনীতি বুলি অভিহিত কৰিছে।

আনহাতে সচিবালয়ৰ সন্মুখত হোৱা নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক সাম্প্ৰদায়িক আৰু ৰাজনৈতিক ৰং দিব খোজাটোকো মন্ত্ৰীজনৰ এটা স্বভাৱগত কূটকৌশল আখ্যা দিছে।

উল্লেখযোগ্য যে ১৬ ডিচেম্বৰত হিমন্ত বিশ্বই সংবাদমেলত হিংসাত্মক প্ৰতিবাদত কৰা বাবে ১৯০জন লোকক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছিল, য’ত তেওঁ বাছি বাছি ৫জন মুছলমান যুৱকৰ নাম কৈছিল। বাকী ১৯৪জনৰ নামৰ তালিকা দিয়াৰ পৰা বিৰত আছিল মন্ত্ৰীজন।

এজনৰ মন্তব্য, বাকীকেইজন মুছলমান হোৱা হ’লে গোটেই তালিকাখন গাবলৈ হিমন্তই বৰ উৎসাহেৰে সময় ল’লে হেঁতেন সংবাদমেলত।

আনহাতে মন্ত্ৰীজনে এই যুৱকসকল নগাওঁ, নলবাৰী, বৰপেটা, গোৱালপাৰা আদি ধৰ্মীয় সংখ্যালঘুপ্ৰধান অঞ্চলৰ পৰা অহা বুলিও এটা বিভ্ৰান্তিকৰ মন্তব্য কৰিছিল।

প্ৰতিবাদকাৰীক তেওঁলোকৰ সাজ-পোচাকৰ পৰাই চিনাক্ত কৰিব পাৰি বুলি মোদীয়ে অলপতে কৰা মন্তব্যৰ প্ৰসংগ টানি অসমৰ মন্ত্ৰীজনৰ এই চৰিত্ৰক বিজেপিৰ কেন্দ্ৰীয় নেতাসকলৰ সৈতে মিলিছে বুলি দাবী একাংশ ফেইচবুক য়ুজাৰৰ।

ছ’চিয়েল মিডিয়া য়ুজাৰৰ অভিযোগ, পূৰ্বে কংগ্ৰেছত থাকোতে মোদীক কটাক্ষ কৰি “গুজৰাটৰ পানীৰ পাইপেৰে পানীৰ সলনি মুছলমানৰ তেজ বয়” বুলি কোৱা মন্ত্ৰীজনে আছুৰ নেতৃত্বত চলা আন্দোলনক ন্যায্যতা দি আনসকলৰ আন্দোলনক হিংসাত্মক কাৰ্য্য সজোৱাৰ এটা বিভাজনৰ ৰাজনীতি কৰিছে।

উল্লেখ কৰিব পাৰি যে ১৭ ডিচেম্বৰতো মন্ত্ৰী হিমন্তই সংবাদমেল দি আন্দোলনটো কংগ্ৰেছ নেতা, আৰ্বান নক্সাল আৰু কিছু সংখ্যক আমোলাৰ দ্বাৰা পৰিচালিত বুলি দাবী কৰে।

মন্ত্ৰীজনে অৱশ্যে নিজৰ দাবীৰ বিৰোধমূলকভাৱে ইয়াক পোহৰলৈ আনিবলৈ চৰকাৰে তদন্ত সমিতি গঠনৰ সিদ্ধান্ত কৰা বুলিহে কয়।

আনহাতে ম’বাইল ইণ্টাৰনেট সেৱাত বন্ধ আৰোপৰ খবৰকে ধৰি চৰকাৰৰ জনসংযোগ বিভাগে প্ৰচাৰ কৰিব লগীয়া বিষয়বোৰ মন্ত্ৰীজনে দায়িত্ব লোৱা দেখি এজন য়ুজাৰৰ মন্ত্ৰীজনক তেওঁৰ পোষ্টতে কটাক্ষ, “DIPR-ৰ ক্লাৰ্কৰ দৰে কাম কৰিছে হিমন্ত বিশ্বই”।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd