গুৱাহাটীৰ গুলীচালনাৰ ঘটনাৰ অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈৰ সন্ধানত নতুন তথ্য পোহৰলৈ আহিছে। ঘটনা সংঘটিত কৰাৰ পিছতে পত্নী জোনমণি আৰু সন্তানক পলুৱাই পঠিওৱাৰ অভিযোগ উঠিছিল ঘনকান্তৰ বিৰুদ্ধে। তেতিয়াৰে পৰা আৰক্ষীয়েও তেওঁলোকৰ সন্ধান উলিয়াব পৰা নাই। ইয়াৰ মাজতে ডিব্ৰুগড়ৰ বৰবৰুৱাৰ নহাজাৰ কোঁৱৰগাঁৱত জোনমণি আত্মগোপন কৰি থকা বুলি দাবী কৰিছে একাংশ স্থানীয় লোকে।
স্থানীয় লোকৰ দাবী অনুসৰি, ঘনকান্ত গগৈৰ ভিনিহিয়েক ধ্ৰুৱজ্যোতি চেতিয়াৰ ঘৰত জোনমণিক দেখা পাইছিল তেওঁলোকে। এই তথ্য পোহৰলৈ অহাৰ পিছতে ঘনকান্তৰ পত্নীৰ সন্ধানত ডিব্ৰুগড়ৰ নহাজাৰ কোঁৱৰগাঁৱত অভিযান চলায় বৰবৰুৱা আৰক্ষীয়ে। অৱশ্যে ধ্ৰুৱজ্যোতি চেতিয়াৰ ঘৰত তালাচী চলাইও জোনমণিৰ কোনো সন্ধান লাভ নকৰিলে আৰক্ষীয়ে।
উল্লেখ্য যে নহাজাৰ গাঁৱৰ স্থানীয় লোকসকলে ঘনকান্ত গগৈক এগৰাকী গাড়ী ব্যৱসায়ী হিচাপেহে জানিছিল। অভিযোগ অনুসৰি, বহিঃৰাজ্যৰ পৰা বিভিন্ন বিলাসী বাহন ক্ৰয় কৰি আনি তেওঁ প্ৰায়ে ভিনিহিয়েক ধ্ৰুৱজ্যোতি চেতিয়াৰ ঘৰত ৰাখিছিল। তাৰ পৰাই বিভিন্ন স্থানত বাহনসমূহ বিক্ৰী কৰিছিল ঘনকান্তই।
ইফালে, ঘনকান্তৰ সৈতে জড়িত আন তথ্যৰ সন্ধানত আজি পুৱা সাউকুছিস্থিত তেওঁৰ ভাড়াঘৰতো অভিযান চলায় আৰক্ষীয়ে। কোঠাটোৰ পৰা একাধিক নথি-পত্ৰ জব্দ কৰিছে তদন্তকাৰী দলে। উদ্ধাৰ হোৱা নথিসমূহৰ ভিতৰত বিভিন্ন ঋণ আৰু লীজত লোৱা ব্যৱসায়ৰ সৈতে জড়িত কাগজ-পত্ৰও আছে।
আনহাতে, ঘনকান্তৰ ঘৰত অভিযান চলাইও বিলাসী টাটা হেৰিয়াৰ বাহনখনৰ চাবি উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। বাহনখনৰ চাবি ক’ত আছে, সেই সন্দৰ্ভতো আৰক্ষীৰ আগত কোনো তথ্য দিয়া নাই ঘনকান্তই। সেয়েহে ভাড়াঘৰৰ পৰা ক্ৰেনৰ সহায়ত বাহনখন টানি উলিয়াই অনাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।
ইয়াৰ উপৰি, ঘনকান্তৰ সৈতে জড়িত কেমেৰা সংস্থাপিত চশমাযোৰ পৰীক্ষাৰ বাবে ফৰেনছিক বিভাগলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। গুলীচালনাৰ ঘটনাৰ তদন্ত আগবঢ়াৰ লগে লগে ঘনকান্তৰ পৰিয়াল, ব্যৱসায়িক লেনদেন আৰু তেওঁৰ সৈতে জড়িত আন তথ্যসমূহো পোহৰলৈ অহাৰ সম্ভাৱনা আছে।





