ইডুক্কি ভূমিস্খলন : ২৪ গৰাকীলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা, উদ্ধাৰ অভিযান অব্যাহত

2020_8img07_Aug_2020_PTI07-08-2020_000192B-696x392

ইডুক্কিৰ ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ গৰাকীলৈ বৃদ্ধি পাইছে।

মৃতসকলৰ ভিতৰত ১০ গৰাকী মহিলাও আছে। এই কথা প্ৰকাশ কৰিছে দেবিকুলামৰ তহচিলদাৰ গিগি কুন্নাপ্পিল্লাই-এ।

উল্লেখ্য যে, কালি শুকুৰবাৰে দুপৰীয়া প্ৰায় ২ মান বজাত ধাৰাষাৰ বৰষুণৰ ফলত কেৰেলাৰ ইডুক্কি জিলাৰ পেট্টিমুদি অঞ্চলত ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছিল।

ইয়াৰ পিছতে কালি উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল যদিও সন্ধিয়া আন্ধাৰ হোৱা আৰু ধাৰাষাৰ বৰষুণৰ বাবে ৬ বজাত উদ্ধাৰ অভিযান স্থগিত ৰখা হৈছিল।

আজি পুৱাৰ পৰা ৰাজ্যখনৰ ৰাজহ মন্ত্ৰী ই চন্দ্ৰশেখৰণৰ নেতৃত্বত পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।

স্থানীয় বন বিভাগৰ কৰ্মী, আৰক্ষী, ৰাজহ বিভাগৰ কৰ্মী, স্থানীয় লোকসকলে উদ্ধাৰ অভিযানত NDRFৰ সহযোগ কৰিছে।

ইপিনে কেৰেলা মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে বায়ু সেনাৰ দুখন হেলিকপ্টাৰো উদ্ধাৰ কাৰ্যত নিয়োজিত কৰিছে।

উদ্ধাৰকাৰী দলে ২৪ টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ১২ গৰাকী গুৰুতৰভাৱে আহত লোককো উদ্ধাৰ কৰিছে।

৫০ গৰাকীৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আহিছে বুলি জানিব পৰা গৈছে। ধাৰাষাৰ বৰষুণৰ বাবে উদ্ধাৰ কাৰ্য ব্যাহত হোৱা বুলি জনাইছে স্থানীয় প্ৰশাসনে।

উক্ত আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মুখ্যমন্ত্ৰী বিজয়নে ভূমিস্খলনত মৃত্যু হোৱা ব্যক্তিসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।

আনহাতে আহত লোকসকলৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ৰাজ্য চৰকাৰে লোৱাৰ কথাও ঘোষণা কৰিছে।