বগাপানীত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আই ই ডি উদ্ধাৰ

IED recovered at Bogapani in Assam, defused by army’s bomb squad

ডিগবৈত সেনাই নিষ্ক্ৰিয় কৰা আই ই ডি।

নিৰাপত্তা বাহিনীসমূহে বগাপানীত বুধবাৰে এটা আই ই ডি উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিছে।

পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আই ই ডিটো উদ্ধাৰ কৰা হৈছিল।

দিনজানৰ পৰা যোৱা সেনাৰ বোমা বিশেষজ্ঞই আই ই ডিটো নিষ্ক্ৰিয় কৰে।

সন্দেহ কৰা হৈছে যে স্থানীয় মানুহৰ মাজত আতংকৰ সৃষ্টি কৰাৰ কাৰণে আলফা (স্বাধীন)এ আই ই ডিটো স্থাপন কৰিছিল।

সেনাৰ বোমা স্কুৱাদে যোৱা ২৯ মে’তো ডিব্ৰুগড়ত দুটাকৈ আই ই ডি নিষ্ক্ৰিয় কৰিছিল।

ডিব্ৰুগড়ৰ জান্তু বৰুৱা নামৰ এজন আলফা (স্বাঃ) সদস্যৰ পৰা উক্ত আই ই ডি দুটা উদ্ধাৰ কৰা হৈছিল।

সেনাৰ ৯ ৰাজপুতনা ৰাইফলছ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত টিংখং এলেকাৰ পৰা আলফা (স্বাঃ) সদস্যজনক কৰায়ত্ত কৰা হৈছিল।

অভিযানকালত দুটা আই ই ডিৰ উপৰি এটা ৭.৬৫এম এম পিষ্টল, এক ৰাউণ্ড সক্ৰিয় গুলী, আই ই ডি প্ৰস্তুত কৰা সামগ্ৰী আৰু ম’বাইল ফোন তেওঁৰ পৰা জব্দ কৰা হৈছিল।

পিছত ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত প’ল’ গ্ৰাউণ্ডলৈ আই ই ডি দুটা স্থানান্তৰিত কৰা হৈছিল।