এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন পি পি আৰু বিজেপিৰ ভিতৰুৱা মিত্ৰতা উদঙাই দি বৃহস্পতিবাৰে মেঘালয় তৃণমূল কংগ্ৰেছৰ নেতা এন্ডিউ ছুল্লাইএ কয় যে এন পি পিয়ে বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে। ২০১৪ চনত বিজেপি ক্ষমতালৈ অহাৰ পৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাৰ পাছতো ২০১৮ চনত বিজেপিৰ সৈতে এন পি পিএ মিত্ৰতা কৰা বুলি তীব্ৰ সমালোচনা কৰিছে টিমএমচিৰ নেতাগৰাকীৰে।

বিজেপিৰ বিভাজনকাৰী এজেণ্ডা আৰু নিকৃষ্ট ৰাজনীতিৰ নীৰৱ দৰ্শক হিচাপে কাম কৰা বুলি এনপিপিক তীব্ৰ সমালোচনা কৰে ছুল্লাই।

লগতে ছুল্লাই কয় যে তৃণমুল কংগ্ৰেছ একমাত্ৰ ৰাজনৈতিক দল যিয়ে বিজেপিৰ সত্যতা উদঙাই আহিছে। ২০১৪ চনৰ খ্ৰীষ্টান লোকসকলে তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে। গতিকে, এন পি পি যদি সঁচাকৈয়ে গণমুখী হ’লহেঁতেন তেন্তে তেওঁলোক বিজেপিৰ সৈতে মিত্ৰতা নকৰিলেহেঁতেন। এক ঐক্যবদ্ধ কেডাৰেৰে টিএমচিয়ে মেঘালয়ৰ জনসাধাৰণৰ স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে ৰাখি প্ৰতিশ্ৰুতি পূৰণৰ বাবে আন্তৰিকতাৰে কাম কৰি যাব।

এন পি পিৰ ভিত্তিহীন অপপ্ৰচাৰৰ কথা উল্লেখ কৰি টিএমচিৰ নেতাগৰাকীয়ে লগতে কয় যে এনপিপি আৰু বিজেপিয়ে মিলি ৰাজ্যখনক বছৰ বছৰ ধৰি পিছুৱাই নিছে।

ছুল্লাই লগতে কয় যে – ৰাজনৈতিক দলসমূহে কেৱল টিএমচিক প্ৰতিহত কৰিবলৈ মুখপাত্ৰসকলক নিয়োজিত কৰাটো পৰ্যবেক্ষণ কৰি আমি আনন্দিত হৈছোঁ। ইয়াৰ পৰা দেখা যায় যে আমি কিবা এটা সঠিক কাম কৰি আছো আৰু ইয়াৰ ফলত শাসকীয় দলসমূহত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে।

মেঘালয় টিএমচিয়ে বাৰে বাৰে উল্লেখ কৰি আহিছে যে এনপিপি বিজেপিৰ সৈতে হেণ্ড ইন গ্লভছ আৰু কংগ্ৰেছে ৰাজ্যত বিশ্বাসযোগ্য বিৰোধী হিচাপে কাম কৰাত ব্যৰ্থ হৈছে।

এন পি পিক তেওঁলোকৰ কামৰ দস্তাবেজ দাখিল কৰিবলৈ প্ৰত্যাহ্বান জনাই ছুল্লাই কয়, “টিএমচিৰ ১০টা প্ৰতিশ্ৰুতিক আক্ৰমণ কৰাসকলে উত্তৰ দিব লাগে। আপোনালোকৰ ৰিপ’ৰ্ট কাৰ্ড ক’ত? সত্যটো হ’ল যে এন পি পিয়ে ৰাইজৰ মৌলিক প্ৰয়োজনীয়তা কৰাত ব্যৰ্থ হ’ল। গতিকে তেওঁলোকে ৰিপ’ৰ্ট কাৰ্ড দেখুৱাব পৰা নাই।

এনপিপি সুবিধাবাদী আৰু অবিশ্বাস্য। এইবাৰ মেঘালয়বাসীয়ে পৰিৱৰ্তনৰ বাবে ভোট দিব । তৃণমূল কংগ্ৰেছ একমাত্ৰ দল যিয়ে মেঘালয়ৰ জনসাধাৰণৰ উদ্বেগ প্ৰকাশ কৰিছে।’ছুল্লাই কয়।