হেডফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাতো বিপদজনক। এই সাধাৰণ কথাটো জনাৰ পিছতো হেডফোনত গান শুনি বা কথা পাতি গাড়ী চলোৱাতো বহুতৰ বাবে অভ্যাসত পৰিণত হৈছে।
এনেধৰণৰ অসাৱধানতা অৱলম্বনৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা আমাৰ পৰিলক্ষিত হয়। এই কথা লক্ষ্য ৰাখিয়েই মুম্বাই আৰক্ষীয়ে হেডফোন ব্যৱহাৰকাৰী চালকৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে।
এটা সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি মুম্বাই সংলগ্ন মীৰা ভায়ান্দাৰত আৰক্ষীয়ে হেডফোন ব্যৱহাৰকাৰী অট’ চালকৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ২৫০দাল হেডফোন জব্দ কৰিছে।
যাত্ৰীসকলৰ অভিযোগৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে এই অভিযান চলোৱা বুলি জানিব পৰা যায়।
এই অভিযানৰ বিষয়ে মীৰা ভায়ান্দাৰ যান-বাহন বিভাগৰ জ্যেষ্ঠ ইন্সপেক্টৰ অনিল পাৱাৰে কয়, ‘হেডফোন ব্যৱহাৰকাৰী অট’ চালকৰ বিৰুদ্ধে মুম্বাই আৰু ইয়াৰ আশে-পাশে চলোৱা এইটো আছিল প্ৰথম অভিযান’।
ইফালে এই প্ৰসংগত এজন যাত্ৰীয়ে কয় যে হেডফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ বাবে আমি বিভিন্ন সময়ত দুৰ্ভোগ ভুগিবলগীয়া হয়। কিবা ক’বলগীয়া হ’লে চিঞৰিব লাগে বা কেতিয়াবা চালকসকলৰ গাত ধৰিবলগীয়াও হয়।
উল্লেখ্য যে এনেধৰণৰ অন্য মনস্কৰ বাবে বহু সময়ত যাত্ৰীসকলক গন্তব্য স্থানৰ বিপৰীতে বেলেগলৈ লৈ যায় আৰু ইয়াৰ বাবদ অধিক ভাড়া দাবী কৰাৰ দৰে ঘটনা সংঘটিত হৈ অহা বুলি লাভ কৰা অভিযোগৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে এই অভিযান চলোৱা বুলি জানিবলৈ দিয়ে।