সাৱধান! ‘KYC আপডেট কৰক’ মেছেজৰ লিংক ক্লিক কৰিলেই খালি হৈছে SBI গ্ৰাহকৰ ধন

WhatsApp Image 2021-07-10 at 9.44.50 AM

আপোনাৰ কে ৱাই চি তথ্য আপডেট কৰক। তাত দিয়া থাকে এটা লিংক। ষ্টেট বেংক অফ ইণ্ডিয়াৰ নামত অহা সেই মেছেজৰ লিংকত ভুলতেও নকৰিব ক্লিক। নহ’লে মুহূৰ্তৰ ভিতৰতে আপোনাৰ একাউন্টৰ পৰা সকলো টকা উধাও হৈ যাব।

বাতৰি অনুসৰি, এনে প্ৰতাৰণা চক্ৰৰ জাল পতা হৈছে চীনৰ পৰা। দিল্লীৰ ছাইবাৰপিচ ফাউণ্ডেশ্যন আৰু অট’বুট ইনফ’ছেকৰ প্ৰতিবেদন উদ্ধৃত কৰি এই কথা কোৱা হৈছে।

কিন্তু কেনেদৰে ঘটিছে প্ৰৱঞ্চনা? বাতৰি অনুসৰি, দুটা সংস্থাৰ প্ৰতিবেদনৰ আঁত ধৰি কোৱা হৈছে যে ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয়কৃত বেংকৰ গ্ৰাহকসকলক লক্ষ্য কৰি লৈছে চীনৰ হেকাৰসকলে।

গ্ৰাহকৰ ফোনত ‘update your KYC’ বুলি মেছেজ প্ৰেৰণ কৰা হৈছে। তাত এটা লিংক দিয়া আছে। সেই লিংকটোত ক্লিক কৰিলেই গ্ৰাহকসকলৰ এটা নতুন পেজ খুলি যাব। তাত কেপচা ক’ডৰ লগতে ‘য়ুজাৰনেম’, ‘পাছৱৰ্ড’ৰ দৰে গোপনীয় তথ্য বিচৰা হয়।

ছাইবাৰ বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে সেই তথ্য দিলেই গ্ৰাহকৰ ফোনত এটা অ’টিপি আহিব।  অ’টিপি দিলেই নতুন এটা পেজ খুলি যাব। তাত আকৌ একাউন্ট নম্বৰ, মোবাইল নম্বৰ, জন্মৰ তাৰিখ আদিৰ দৰে গোপনীয় তথ্য বিচৰিব। সেই তথ্য দিয়াৰ পাছত আৰু এটা অ’টিপি আহিব। তাৰ পাছত একাউন্টৰ সমস্ত ধন খালি হৈ যাব।

জানিব পৰা মতে, হেকাৰসকলে এছবিআইৰ গ্ৰাহকসকলক ৫০লাখ টকাৰ পুৰস্কাৰ দিয়াৰ ঘোষণা কৰিছে। লিংকত ক্লিক কৰাৰ বাবে সেই পুৰস্কাৰৰ টোপ দিয়া হৈছে। এই জালত ভৰি দিলেই গ্ৰাহকৰ জীৱনজোৰা সঞ্চয় মুহূৰ্তৰ ভিতৰতে খালি হৈ পৰিব।

দৰাচলতে, এছ বি আইয়ে এনে ধৰণৰ কোনো পুৰস্কাৰৰ অ’ফাৰ দিয়া নাই। দিয়া হ’লে সেয়া ষ্টেট বেংক অফ ইণ্ডিয়াৰ ৱেবছাইটত উল্লেখ থাকিলেহেঁতেন।

বিশেষজ্ঞসকলৰ মতে থাৰ্ড পাৰ্টি ড’মেইনৰ জৰিয়তে প্ৰৱঞ্চনা চক্ৰ চলোৱা হৈছে। ইউআৰএলত সাধাৰণ সলনি কৰা হৈছে। একে কৌশলেৰে আন বেংকৰ গ্ৰাহককো সৰ্বস্বান্ত কৰা হৈছে।