গুলমাৰ্গৰ ইগলু ৰেষ্টুৰেণ্টে দৃষ্টি কাঢ়িছে পৰ্যটকৰ

এখন বৰফেৰে নিৰ্মাণ কৰা ৰেষ্টুৰেণ্ট, যি খন ৰেষ্টুৰেণ্ট এতিয়া হৈ পৰিছে কাশ্মীৰৰ গুলমাৰ্গ ভ্ৰমণ কৰা পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।

স্কি ৰিজৰ্ট গুলমাৰ্গত বৰফেৰে নিৰ্মাণ কৰা ইগলুৰ ভিতৰত স্থাপিত এখন ব্যতিক্ৰমী ৰেষ্টুৰেণ্ট।

ইগলু হৈছে বৰফেৰে নিৰ্মিত এটা ঘৰ। মূলতঃ তুষাৰপাত হোৱা অঞ্চলত তৈয়াৰ কৰা হয়। কানাডাৰ আৰ্কটিক আৰু গ্ৰীণলেণ্ড অঞ্চলত ইগলু দেখা যায়।

গুলমাৰ্গৰ স্থানীয় হোটেল ব্যৱসায়ী চৈয়দ ৱাছিম শ্বাহে নিৰ্মাণ কৰা এই ইগলু ৰেষ্টুৰেণ্ট খনকেই বিশ্বৰ সৰ্ববৃহৎ ইগলু ৰেষ্টুৰেণ্ট বুলি দাবী কৰা হৈছে।

ইগলু ৰেষ্টুৰেণ্ট খনৰ উচ্চতা ৩৭.৫ ফুট, আৰু ইয়াৰ ব্যাস ৪৪.৫ ফুট।

৬৪ দিনত ১৭০০ জন লোকে দিনে-নিশাই কাম কৰি এই ইগলু ৰেষ্টুৰেণ্ট খন নিৰ্মাণ কৰি উলিয়াইছে।

উল্লেখ্য পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইগলু নিৰ্মাণ কৰা হৈছিল ২০১৬ চনত চুইজাৰলেণ্ডত। ইয়াৰ উচ্চতা আছিল ৩৩.৮ ফুট, আৰু ব্যাস আছিল ৪২.৪ ফুট।