NORTHEAST NOW (Assamese)

জম্মুত IGNOUৰ অধ্যাপকক সেনাৰ প্ৰহাৰ! তদন্তৰ নিৰ্দেশ

April 19, 2025 7:55 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাজৌৰী জিলাত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক লিয়াকাত আলীয়ে ভগ্নীৰ বিয়ালৈ যাওঁতে সেনা জোৱানৰ প্ৰহাৰত আহত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। সহকাৰী অধ্যাপক গৰাকীয়ে সেনা বাহিনীৰ ওপৰত বিনা কাৰণত প্ৰহাৰৰ অভিযোগ উত্থাপন কৰাৰ পিছত, শুকুৰবাৰে ভাৰতীয় সেনাই এক তদন্তৰ নিৰ্দেশ দিয়ে।

সেনাই তেওঁৰ মূৰত ৰাইফলৰে আঘাত কৰি গুৰুতৰভাৱে আহত কৰে, যাৰ ফলত তেওঁৰ মূৰত সাতটা চিলাই কৰিবলগীয়া হয়। এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এই ঘটনাটো ৰাতিপুৱা ৰাজৌৰি জিলাৰ নওশেৰা অঞ্চলৰ সীমান্তৱৰ্তী গাঁও লামৰ ওচৰত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। আলীৰ পৰিয়ালে সদৰী কৰা অনুসৰি তেওঁলোকে সেনাৰ নিৰ্দেশ মানি পৰিচয় পত্ৰ দেখুৱাইছিল, কিন্তু তথাপিও তেওঁলোকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছিল। আলীৰ পৰিয়ালৰ কিছু সদস্য সেনা আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষীত কৰ্মৰত বুলি জানিবিলৈ দিছে।

সেনাৰ সুত্ৰ অনুসৰি এই ঘটনাৰ সময়ত তেওঁলোকে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত এটা অভিযান চলাইছিল। তেওঁলোকে দাবী কৰিছে যে আলীয়ে এজন জোৱানৰ অস্ত্ৰ কাঢ়িবলৈ চেষ্টা কৰিছিল, যাৰ ফলত সংঘৰ্ষৰ সূত্ৰপাত হয়। এই অভিযোগ প্ৰত্যাভিযোগৰ মাজতে সেনাই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আৰু দোষী প্ৰমাণিত হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে অজ্ঞাত সেনা জোৱানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, যদিও কোনো জোৱানৰ নাম এফআইআৰত উল্লেখ কৰা নাই।

পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী মেহবুবা মুফতিয়ে এই ঘটনাক নিন্দনীয় বুলি অভিহিত কৰিছে আৰু সেনাক দোষীৰ বিৰুদ্ধে তৎক্ষণাত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।এই ঘটনাই স্থানীয় লোকৰ মাজতো তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।

Related News