প্ৰাণৰ মমতাত উজাগৰী নিশা কটাই ঘৰলৈ উভতিল অসমৰ শিল্পী

অৰুণাচলৰ কূটাঘাত সংঘটিত হোৱা স্থানৰ আলোকচিত্ৰ

অৰুণাচল প্ৰদেশত চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে যোৱা অসমৰ শিল্পী দলে এক অভাৱনীয় পৰিবেশত কোনোমতে প্ৰাণ বচাব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়।

অৰুণাচলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগা ইটানগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শুকুৰবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ চলাই ধ্বংসস্তুপত পৰিণত কৰে।মহোৎসৱখনি আয়োজনৰ বাবে সজাই পৰাই তোলা দৰ্জি খাণ্ডু সন্মিলন কেন্দ্ৰটোত দুৰ্বৃত্তই আক্ৰমণ কৰি বিভিন্ন ধৰণৰ সা-সামগ্ৰী জ্বলাই ছাৰ-খাৰ কৰে।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত স্থায়ী নাগৰিকৰ প্ৰমাণপত্ৰকলৈ আৰক্ষীৰ লগত প্ৰতিবাদকাৰী সকলৰ সংঘাতৰ পৰিণতিতে চলচ্চিত্ৰ মহোৎসৱস্থলীৰ ক্ষতি সাধন কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

চলচ্চিত্ৰ মহোৎসৱখনৰ মঞ্চ, ৰান্ধনী ঘৰ, অডিঅ’ আৰু ভিডিঅ’ সৰঞ্জাম সমূহ উত্তেজিত জনতাই জ্বলাই দিয়ে। অসম তথা দেশৰ বিভিন্ন ঠাইৰ পৰা অহা এশতকৈও অধিক লোকে দৰ্জি খাণ্ডু সন্মিলন কেন্দ্ৰটোত বাহৰ পাতি আছিল।

শিল্পী-কলা কুশলী সকলে গোটেই নিশা প্ৰাণৰ ভয়ত উজাগৰে কটাই পোহৰ হোৱাৰ লগে লগে অসম সীমান্তত আহি উপস্থিত হয়।

চলচ্চিত্ৰ মহোৎসৱখনত অংশলোৱা অন্বেষা মহন্ত নামৰ শিল্পী গৰাকীয়ে জনোৱা মতে প্ৰতিবাদকাৰী সকলে সন্মিলন কেন্দ্ৰটোৰ বাহিৰত থকা বহু সংখ্যক বাহনত অগ্নি সংযোগ কৰে। প্ৰতিবাদকাৰীসকলে লগতে দূৰদৰ্শনৰ বাহন এখনো জ্বলাই দিয়ে।

আনহাতে, বলীউদৰ অভিনেতা সতীশ কৌশিক, প্ৰযোজক ৰ’নী লাহিড়ী আৰু পুৰস্কাৰ প্ৰাপ্ত চলচিত্ৰ নিৰ্মাতা উৎপল বৰপুজাৰী, মঞ্জু বৰুৱা আদি কৰি সকলোৱে উন্মত্ত জনতাই আক্ৰমণ কৰি থকা সময়ত হোটেলৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগীয়া হয়।

উল্লেখযোগ্য যে, অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি চৰকাৰে বিধানসভাত পি আৰ চিৰ প্ৰসংগ উত্থাপন নকৰে বুলি টুইটাৰ যোগে সদৰি কৰে।