কোভিড-১৯: আই আই টি গুৱাহাটীৰ কোৱাৰ্টাৰ কোৱাৰেন্টাইন চেন্টাৰ কৰাৰ বিৰোধিতা

coronavirus-quarantine-centre-1140x570

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,গুৱাহাটী (আই আই টি-গুৱাহাটী)ৰ কোৱাৰ্টাৰৰ আৱাসীসকলে গেষ্ট হাউছ কমপ্লেক্সটো ৰাজ্য চৰাকাৰে কোভিড-১৯ কোৱাৰেন্টাইন চেন্টাৰ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

‘’শিশু আৰু জ্যেষ্ঠ নাগৰিক চৌহদটোত বাস কৰে। ইয়াক কোৱাৰেন্টাই চেন্টাৰলৈ সলনি কৰাটো বিপদজনক হ’ব পাৰে,’’-নাম প্ৰকাশত অনিচ্ছুক এগৰাকী অধ্যাপকে কয়।

‘’চৌহদটোত ৩,০০০তকৈয়ো অধিক আৱাসী আছে আৰু ইয়াৰ ভিতৰত শিক্ষক তথা শিক্ষকৰ পৰিয়াল, তেওঁলোকৰ পিতৃ-মাতৃ, বিদেশী ছাত্ৰ-ছাত্ৰী তথা অন্যান্য লোক আছে,’’-অধ্যাপকগৰাকীয়ে কয়।

‘’দুটা গেষ্ট হাউছ চৌহদ কোভিড-১৯ কোৱাৰেন্টাইন চেন্টাৰলৈ সলনি কৰাৰ সিদ্ধান্তই আমাৰ জীৱন বিপদাপন্ন কৰিব পাৰে,’’-তেওঁ লগতে কয়।

‘’আৱাসীসকল শংকিত যে এই পদক্ষেপে গোটেই চৌহদটোকে সংক্ৰমিত কৰিব পাৰে,’’-অধ্যাপকগৰাকীয়ে কয়।

তেওঁ লগতে অভিযোগ কৰে যে সিদ্ধান্তটো ততাতয়াকৈ লোৱা হৈছিল আৰু কোনো ভিত্তি পৰীক্ষা কৰি চোৱা হোৱা নাছিল।

‘’চৌহদটোৰ জ্যেষ্ঠ নাগৰিক, শিশু, ছাত্ৰ-ছাত্ৰীসকল এতিয়া অতি বিপদজনক অৱস্থাত আছে,’’-তেওঁ কয়।

কামৰূপ জিলা প্ৰশাসনে যোৱা শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ দুটা গেষ্ট হাউছ কোৱাৰেন্টাইন চেন্টাৰলৈ সলনি কৰে।

‘’বাহিৰৰ পৰা বৃহৎ সংখ্যক লোক অহাৰ ফলত যোৱা কেইদিনত কোভিড-১৯ পজিটিভৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে,’’-কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে এক বিবৃতিত কয়।

‘’সেয়েহে, তেওঁলোকক ৰখাৰ বাবে এক বৃহৎ সংখ্যক কোৱাৰেন্টাইন স্থানৰ প্ৰয়োজন হৈছে,’’-প্ৰশাসনে লগতে কয়।

নিৰ্দেশটোত লগতে কোৱা হৈছে যে আই আই টি গুৱাহাটীৰ গেষ্ট হাউছ কমপ্লেক্স পৰৱৰ্তী জাননী নিদিয়ালৈকে কামৰূপ (মহানগৰ) জিলা কৰ্তৃপক্ষৰ অধীনত থাকিব।