গুৱাহাটী IIT ত ক’ভিদৰ ব্যাপক সংক্ৰমণ, কণ্টেইনমেণ্ট জ’ন ঘোষণা

IIT Guwahati

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (IIT, G) চৌহদক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। প্ৰতিষ্ঠানটোৰ চৌহদত ৬০ জনৰ শৰীৰত ক’ভিদ সংক্ৰমণ ধৰা পৰাৰ পিছত এই সিদ্ধান্ত লোৱা হয়।

“কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ অন্তৰ্গত আইআইটি, গুৱাহাটীত ৬০ টা ক’ভিদ-১৯ পজিটিভ ঘটনা চিনাক্ত কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ চৌহদটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।” বুধবাৰে কামৰূপ জিলাৰ জিলা দণ্ডাধীশে জাৰি কৰা এক নিৰ্দেশত এইদৰে কোৱা হৈছে।

বুধবাৰে আইআইটি-গুৱাহাটী কৰ্তৃপক্ষই জাৰি কৰা বিজ্ঞপ্তি অনুসৰি আইআইটি-গুৱাহাটীৰ সমগ্ৰ চৌহদটো এতিয়া এক নিয়ন্ত্ৰণ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰা হ’ব।

এই সময়ছোৱাত চৌহদৰ ভিতৰত থকা সকলো দোকান, ৰেষ্টুৰেণ্ট আৰু ভোজনালয় বন্ধ কৰাৰ লগতে চৌহদলৈ প্ৰৱেশ আৰু প্ৰস্থান কঠোৰভাৱে নিষিদ্ধ কৰা হ’ব।

আই.আই.টি.-গুৱাহাটী চৌহদৰ বাহিৰত বাস কৰা কৰ্মচাৰীসকলক ঘৰৰ পৰা তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ সকলো সময়তে টেলিফোন আৰু যোগাযোগৰ ইলেক্ট্ৰনিক মাধ্যমত উপলব্ধ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

লগতে প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ৰ সৈতে, বেঙ্ক আৰু ডাকঘৰৰ ক্ষেত্ৰত চৌহদত বাস কৰা কৰ্মচাৰীসকলে ক’ভিদ প্ৰটোকল পালন কৰি চৌহদৰ ভিতৰত কাম কৰিব।

বিজ্ঞপ্তিখনত লগতে উল্লেখ কৰা হৈছে যে প্ৰতিষ্ঠানটোৰ জৰুৰীকালীন সেৱা যেনে চিকিৎসালয়, আইচ’লেশ্যন কক্ষ, হোষ্টেলৰ মেছবোৰে কাম কৰি থাকিব।