আই আই টি গুৱাহাটীত ৰাজ্য জোকাৰি যোৱা যৌন নিৰ্যাতনৰ ঘটনা; এজন ছাত্ৰক গ্ৰেপ্তাৰ

a iit

উত্তৰ-গুৱাহাটীৰ আমিনগাওঁস্থিত আই আই টি গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি হ’ল এগৰাকী ছাত্ৰী ।
যোৱা ২৮ মাৰ্চৰ নিশা আই.আই.টি গুৱাহাটীত হোলী উপলক্ষে আয়োজিত অনুষ্ঠান চলি থকাৰ মাজতে এজন ছাত্ৰই সংঘটিত কৰে এই জঘন্য কাণ্ড।

উক্ত দিনা মাজনিশা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ  কৰা হয় গুজৰাটৰ ছাত্ৰীগৰাকীক।
এই ঘটনাৰ লগত জৰিত এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে উত্তৰ গুৱাহাটী আৰক্ষীয়ে । ছাত্ৰজনৰ নাম উৎসৱ কদম বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ লগত জৰিত থকাৰ অভিযোগত অন্য ৪ জন ছাত্ৰকো আটক কৰিছে আমিনগাওঁ আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা ছাত্ৰজন ৰসায়ন বিজ্ঞান বিভাগৰ বুলি জানিব পৰা গৈছে।

অভিযুক্ত উৎসৱ কদমৰ ঘৰ মহাৰাষ্ট্ৰৰ মুম্বাইত বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত আই.আই.টি. কৰ্তৃপক্ষই আমিনগাঁও আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত  53/21 নম্বৰৰ 376 ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰুজু হৈছে ।

ছাত্ৰী গৰাকীক মাদকদ্ৰৱ্য সেৱন কৰাই যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছে । বৰ্তমানো আমিনগাওঁ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।