আই আই টি-গুৱাহাটীৰ হোষ্টেলৰ কোঠাত পুনৰ উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

আইআইটি গুৱাহাটী।

সোমবাৰে পুৱা ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি-গুৱাহাটীৰ হোষ্টেলৰ কোঠাৰ ভিতৰত উদ্ধাৰ হয় আন এগৰাকী ছাত্ৰৰ মৃতদেহ।

খবৰ অনুসৰি নিহত ছাত্ৰগৰাকী উত্তৰ প্ৰদেশৰ বাসিন্দা বিমলেশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ তৃতীয় বৰ্ষৰ বি টেক কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ আছিল।

কুমাৰে আত্মহত্যাৰ কৰিব পাৰে বুলি অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ ভাৰত জোড়ো যাত্ৰাই মোক আৰু দেশৰ ৰাজনীতিক সলনি কৰি দিলে; আমেৰিকাত ক’লে ৰাহুল গান্ধীয়ে

আই আই টি-গুৱাহাটী কেম্পাছৰ ভিতৰত অৱস্থিত ব্ৰহ্মপুত্ৰ হোষ্টেলৰ নিজৰ কোঠাত উদ্ধাৰ হয় ছাত্ৰগৰাকীৰ মৃতদেহ।

আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে যদিও তেওঁ কিয় এই চৰম সিদ্ধান্ত ল’বলৈ বাছি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে এমাহৰ ভিতৰত এইটোৱে হৈছে আনটো এনে ঘটনা।

লগতে পঢ়কঃ ৰাহুল-পন্তৰ প্ৰত্যাৱৰ্তন! বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ বাবে দল ঘোষণা ভাৰতৰ

যোৱা ৯ আগষ্টত হোষ্টেলৰ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছিল এজন এম.টেক ছাত্ৰৰ মৃতদেহ। সৌম্য নামৰ সেই মৃত ছাত্ৰগৰাকীও উত্তৰ প্ৰদেশৰ বাসিন্দা আছিল।