কয়লাৰ অবৈধ সৰবৰাহ কৰা ট্ৰাকৰ চেপাত খানাপাৰাত মৃত্যুক সাৱটিলে বাপেক-জীয়েকে

শিৱসাগৰৰ বানমুখত শোকৰ ছাঁ; আজি শিৱসাগৰতে শেষকৃত্য

Khanapara Accident

খানাপাৰাত ৰাতি ট্ৰাকে হেঁচা মাৰি ধৰা বাহনখন উদ্ধাৰৰ চেষ্টা কৰা দুটা দৃশ্য।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই অসম-মেঘালয়ত দপদপাই থকা কয়লা মাফিয়াসকলক লাই দিয়াৰ ফলত পূব জয়ন্তীয়া পাহাৰৰ অবৈধ খনিত যোৱা ১৮-২০ দিন ধৰি ১৫জনকৈ শ্ৰমিক আবদ্ধ হৈ থকাৰ সময়তে কয়লা সৰবৰাহৰ কৰুণ পৰিণতিৰ বলি হ’ল আন এটা দুৰ্ভগীয়া পৰিয়াল। গুৱাহাটীৰ খানাপাৰাত এখন অতিৰিক্ত মাত্ৰাত কয়লা বোজাই কৰা ট্ৰাক এখন ব্যক্তিগত বাহনৰ ওপৰত বাগৰি পৰাৰ ফলত মৃত্যু হ’ল গাড়ীখনত থকা বাপেক-জীয়েকৰ।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ৩০ ডিচেম্বৰৰ ৰাতি খানাপাৰা গ্ৰীন উড ৰিজ’ৰ্টৰ সমীপত এই হৃদয়বিদাৰক দুৰ্ঘটনাটোত সংঘটিত হয়। সঞ্জীৱ বৰুৱা নামৰ ব্যক্তিজনে তেওঁৰ সৰু পৰিয়ালটো লৈ শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখে এখন জাইল’ গাড়ীৰে (নম্বৰ এএছ ০১-বি ডি-৪৪৩২) আহি থকা অৱস্থাত কয়লাভৰ্তি ট্ৰাকখনে তেওঁলোকৰ গাড়ীখন হেঁচা মাৰি ধৰে।

স্থানীয় লোক আৰু আৰক্ষীয়ে অশেষ কষ্ট কৰি ট্ৰাকখনৰ হেঁচাৰ পৰা প্ৰায় চেপেটা হৈ পৰা জাইল’ গাড়ীখন উলিয়ায় যদিও মৃত্যু হয় সঞ্জীৱ বৰুৱা আৰু জীয়েক দৰ্শনা বৰুৱা। আনহাতে সঞ্জীৱ বৰুৱাৰ পত্নী মিনতি, সৰু জীয়েক দীক্ষা বৰুৱা আৰু চালক সুমনজিৎ লাহনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয়। জানিব পৰা মতে বৰুৱাৰ আচল ঘৰ শিৱসাগৰত।

উল্লেখযোগ্য যে মেঘালয়ত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কয়লাৰ খনন বন্ধ ৰখা সত্ত্বেও অবৈধভাৱে অব্যাহত আছে কয়লাৰ খনন। চুবুৰীয়া ৰাজ্যখনৰ বিভিন্ন ঠাইত গঢ় লৈ উঠিছে অবৈধ খনি। এনেকুৱা অবৈধ খনিত পানী সোমোৱাৰ ফলত যোৱা ১৩ ডিচেম্বৰত ১৫জনকৈ শ্ৰমিক আবদ্ধ হৈ পৰে, যিকেইজনক আজিও উদ্ধাৰ কৰিব পৰা নাই এন ডি আৰ এফ, এছ ডি আৰ এফ, প্ৰশাসনৰ বৃহৎ দলে।

আনহাতে কয়লাৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অসমৰ দল-সংগঠন, সংবাদ মাধ্যমে অহৰহ চিঞৰি অহাৰ পিছতো অসম-মেঘালয় চৰকাৰৰ গা লৰা নাই। ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতা আৰু লাভৰ অংশ থকা বাবেই এই অবৈধ খনিবোৰ বন্ধ নহয় বুলি সততে অভিযোগ উত্থাপন কৰি আহিছে জাতীয়তাবাদী দল-সংগঠনবোৰে।

শিৱসাগৰৰ বানমুখত শোকৰ ছাঁ; আজি শিৱসাগৰতে শেষকৃত্য

যোৱা নিশা খানাপাৰাত অবৈধ কয়লা কঢ়িওৱা এখন ট্ৰাকৰ চেপাত মৃত্যু হোৱা সঞ্জীৱ বৰুৱাৰ ঘৰ শিৱসাগৰৰ বানমুখত শোকৰ ছাঁ পৰিছে। নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত এই দুৰ্ভাগ্যজনক খবৰটোৱে গোটেই অঞ্চলটো চলি থকা নৱবৰ্ষৰ আদৰণিক ম্লান কৰি পেলায়।

আত্মীয়ৰ সূত্ৰই জানিবলৈ দিয়ামতে শিৱসাগৰৰ ঘৰতে আজি সঞ্জীৱ বৰুৱা আৰু জীয়েক দৰ্শনা বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। আনহাতে বৰুৱাৰ পত্নী আৰু সৰু জীয়েক এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন। চালক সুমনজিত দুৱৰাৰ ঘৰো শিৱসাগৰতে আৰু তেৱোঁ চিকিৎসাধীন।

নিহত সঞ্জীৱ বৰুৱা গুৱাহাটী চিটি গেছ এজেন্সিৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। তেওঁৰ পৰিয়ালটো দীৰ্ঘদিন ধৰি গুৱাহাটীতে বাস কৰি আহিছিল। আনহাতে বৰুৱাৰ পত্নী মিনতি বৰুৱা  স্বাস্থ্য বিভাগৰ কৰ্মচাৰী৷