• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 1:14 pm
112
VIEWS
Share on FacebookShare on Twitter

গভীৰ সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্ব থকাৰ পিছতো হাবুঙে বহু বছৰ ধৰি বেদখলৰ সমস্যাৰ সন্মুখীন হৈ আহিছে।   ধেমাজিৰ হাবুঙ-হালুং-হোফীত বেদখল কৰা ঐতিহাসিক ভূমি পুনৰ উদ্ধাৰৰ দাবীত স্থানীয় ৰাইজে শেহতীয়াকৈ এখন গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই হাবুঙ অঞ্চলটো স্বৰ্গদেউ ছুই-কা-ফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী আছিল।

উক্ত বৈঠকখন ধেমাজিৰ প্ৰায় ১০০জন বাসিন্দাৰ উপস্থিতিত অনুষ্ঠিত হয়। এই বৈঠকৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ ফুকনে আৰু আয়োজন কৰে হাবুঙ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সম্পাদক বাবুল বুঢ়াগোহাঁইয়ে।

বৈঠকত আলোচ্য বিষয় আছিল হাবুঙৰ ভিতৰত ৰাজহ-অধীন বৃহৎ পৰিমাণৰ মাটি অবৈধভাৱে একাংশ লোকে দখল কৰি থকাৰ সন্দৰ্ভত যি চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ কাৰ্যকৰী ৰূপায়ণত বাধা সৃষ্টি কৰি আহিছে।

আলোচনাৰ অন্তত সভাত সিদ্ধান্ত লোৱা হয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰি সমস্যাটোৰ সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰি বেদখল কৰা মাটিখিনি পুনৰ উদ্ধাৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ ল’বলৈ অনুৰোধ জনোৱা হ’ব।

সভাত উপস্থিত থাকে হাবুঙ উন্নয়ন আৰু পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি উমেশ চেতিয়া, উপদেষ্টা ড০ পুস্পা গগৈ, বিমল ৰাজখোৱা, বিকাশ বৰুৱা, যুগল হাণ্ডিক, থানেশ্বৰ বৰুৱা আদি বহু বিশিষ্ট ব্যক্তি।

ৰাজহ বিভাগৰ নথি অনুসৰি হাবুঙত মুঠ ২৮৫ বিঘা মাটি আছিল, কিন্তু শেহতীয়া ৰাজহ চক্ৰৰ ভূমি-অভিলেখ অনুসৰি ১০০ বিঘাৰো অধিক মাটি অবৈধভাৱে দখল কৰি লোৱা হৈছে। এই সন্দৰ্ভত হাবুঙ উন্নয়ন আৰু পৰিচালনা সমিতিয়ে বেদখলকাৰীৰ সৈতে বহুবাৰ আলোচনা চলাইছে, যদিও এতিয়ালৈকে কোনো স্থায়ী সমাধান উলিয়াব পৰা নাই।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে হাবুঙক এখন পৰ্যটনকেন্দ্ৰ হিচাপে উন্নীত কৰিবলৈ ইতিমধ্যে ১১ কোটি টকাৰো অধিক অনুদান আগবঢ়াইছে, যাৰ সফল ৰূপায়ণৰ বাবে বেদখল হোৱা ভূমিখিনি উদ্ধাৰ কৰাটো একান্ত প্ৰয়োজন।

Recent News

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ

ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ

কৰ্ণাটকত বন্ধ হ’ল অনলাইন বাইক টেক্সি, অসমতো হ’ব নেকি বন্ধ? কি নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে?

কৰ্ণাটকত বন্ধ হ’ল অনলাইন বাইক টেক্সি, অসমতো হ’ব নেকি বন্ধ? কি নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd