NORTHEAST NOW (Assamese)

লেখাপানী আৰক্ষীক মেনেজ কৰি দীপাৱলীত লাখ লাখ টকাৰ মুকলি জুৱা

October 29, 2019 7:23 pm · মানস প্ৰতিম গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

পোহৰৰ উৎসৱ দীপাৱলী যেণ পৰিণত হৈছে জুৱাৰ উৎসৱলৈ। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীত দীপাৱলীৰ নিশাৰ পৰা আজি পুৱতি নিশালৈ চলা লাখ লাখ টকাৰ মুকলি জুৱা খেলৰ দৃশ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে, লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত দিপাৱলীৰ গইনা লৈ দুষ্ট চক্ৰই প্ৰায় ৩০ খনৰো অধিক অবৈধ দাইচ খেল পাতি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

জুৱাৰ এনে মুকলি পয়োভৰে সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ বিপৰীতে লেখাপানী আৰক্ষীৰ বিৰুদ্ধে জুৱাৰীৰে মিতিৰালি আছে বুলি অভিযোগ উত্থাপিত হৈছে। প্ৰতিখন জুৱা খেলৰ পৰা ৮ৰ পৰা ১০ হেজাৰ পৰ্যন্ত কমিচন লোৱাৰ অভিযোগ উত্থাপিত হৈছে লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰঞ্জয় বৰাৰ বিৰুদ্ধে।

আনহাতে, লেখাপানী আৰক্ষী থানাৰ নিচেই কাষতে তিনিমাইল অঞ্চলৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ধুম ধামেৰে অবৈধ দাইচ খেল চলি থকা বুলি জানিব পাৰি বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ দল এটাকো জুৱাৰীয়ে অপদস্থ কৰে।

সাংবাদিক দলটোৱে ঘটনা সন্দৰ্ভত জনাবলৈ বুলি লেখাপানী আৰক্ষী থানাৰ বিষয়াগৰাকীক ফোন কৰে যদিও জুৱাৰীৰে মিতিৰালি কৰা আৰক্ষী বিষয়াগৰাকীয়ে ফোনৰ সংযোগ বিচ্চিন্ন কৰি দিয়ে বুলি জানিবলৈ দিছে সাংবাদিকৰ দলটোৱে।

উল্লেখ্য যে স্থানীয় দল-সংগঠনৰ মৌনতাকো সহজ ভাৱে লব পৰা নাই স্থানীয় একাংশ সচেতন ৰাইজে৷

Related News