• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰহ্মপুত্ৰত পুনৰ অঘটন! ফেৰিৰ পৰা নদীৰ বুকুলৈ জাঁপ যুৱকৰ; ভিক্ষাৰীক দি গ’ল অন্তিমটো দান

তিনিটাকৈ লাইফ জাকেট দলিয়াই উঠি অহাত সহায় কৰিব খুজিছিল ফেৰি-কৰ্মীয়ে; ইচ্ছা নকৰিলে যাত্ৰীজনে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2019 7:27 pm
77.8k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ পৰা উত্তৰ পাৰৰ ৰজা দুৱাৰ ঘাটলৈ যোৱা আৰ পি এল বুঢ়াদিয়া নামৰ ফেৰিখনৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত হঠাতে এজন যাত্ৰীয়ে জঁপিয়াই দিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰিখনত এই দুৰ্ঘটনাটো ঘটিছে আজি বিয়লি প্ৰায় ৩ বজাত। যাত্ৰীজন ২৫-২৬ বছৰীয়া যুৱক বুলি প্ৰত্যক্ষদৰ্শী সহযাত্ৰীসকলে জানিবলৈ দিছে।

এই পৰ্য্যন্ত নাম-ধাম একো উদ্ধাৰ সম্ভৱ নোহোৱা যুৱকজনক বিচাৰি এতিয়াও অভিযান অব্যাহত ৰখা ৰাজ্যিক দুৰ্য্যোগ সঁহাৰি বাহিনী সফল হ’ব পৰা নাই।

ঘটনাটো সন্দৰ্ভত ফেৰিখনৰ মাষ্টাৰ সোমেশ্বৰ শইকীয়াৰ ভাষ্যৰ ভিত্তিত গুৱাহাটী ৰজা দুৱাৰ ঘাটটোৰ শাখা বিষয়া মুকুল দাসে পাণ্ডুৰ ৰিভাৰ আৰক্ষীক এখন এজাহাৰ দিছে।

একাংশ যাত্ৰীৰ ভাষ্যমতে, যুৱকজনে জাঁপ দিয়াৰ আগতে এজন ভিক্ষাৰীক ১০০ টকা ভিক্ষা দিছিল।

Ferry pessanger jumped
ফেৰিৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিয়া যাত্ৰীজনৰ অন্তিম দান ১০০ টকাটো হাতত লৈ ভিক্ষাৰীজন।

আনহাতে যুৱকজনৰ অন্তিম দান হিচাপে ১০০ টকা ভিক্ষা পোৱা দুৰ্ভগীয়া ভিক্ষাৰীজনে (যিজন এজন অন্যভাৱে সক্ষম লোক) জনায় যে তেওঁ মানুহজনক “দাদা কিবা এটা দিয়ক” বুলি কোৱাৰ লগে লগে ১০০ টকীয়া নোটখন পকেটৰ পৰা উলিয়াই হাতত দিছিল। তাৰ পিছতে পিছলৈ ঘূৰি দুখোজ গৈয়ে ব্ৰহ্মপুত্ৰৰ বুকুলৈ জাঁপ মাৰি দিয়ে।

ভিক্ষাৰীজনৰ ভাষ্যৰ পৰা জানিব পৰা গৈছে, চৰম সিদ্ধান্তটো লোৱাৰ প্ৰাকমুহূৰ্তত যুৱকজনে জীৱনৰ শেষটো চিগাৰেট খাই আছিল।

“মই কিবা এটা খোজাৰ সময়ত মানুহজনে এটা চিগাৰেট হুঁপি আছিল”, ভিক্ষাৰীজনে কয়।

ফেৰিখনৰ কৰ্মচাৰীসকলে তিনিটাকৈ লাইফ জাকেট দলিয়াই তেওঁক উঠি অহাৰ বাবে সহায় কৰিব খুজিছিল। সেই ইচ্ছা তেওঁ নকৰিলে।

“আমি তিনিটা লাইফ জাকেট দলিয়ালো। তেওঁ নধৰিলে। কিছু দূৰ ভাহি যোৱাত আমি জাহাজখন ঘূৰালো। কিন্তু জাহাজখন লাগি ধৰিল।”, ফেৰিখনৰ কৰ্মচাৰী এজনৰ মন্তব্য।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd