নগাঁৱৰ উৰিয়াগাঁৱত আৱকাৰী বিভাগৰ অভিযান : বৃহৎ পৰিমাণৰ চুলাইমদসহ টেম্প’ জব্দ, এজনক আটক

IMG_20201209_191806(1)

নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কেতবোৰ এলেকাত দেশী-বিদেশী অবৈধ সুৰাৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা চলি আছে।

নগাঁও জিলা আৱকাৰী বিভাগে এই অবৈধ সুৰাৰ বিৰুদ্ধে মাজে সময়ে অভিযান চলাই যদিও সেই অভিযান অতি ৰহস্যজনক কাৰণত বন্ধ হৈ পৰে।

চহৰখনৰ পাৰ্শ্বৱৰ্তী একাংশ হোটেল আৰু ধাবাৰ লগতে চহৰখনৰো একাংশ পান দোকানত সম্পূৰ্ণ অবৈধ ভাৱে সুৰা বিক্ৰী কৰি থকা হৈছে।

নগাঁও জিলা আৱকাৰী বিভাগটোৰ প্ৰতি নগঞা ৰাইজৰ অনেক গুৰুতৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে আজি বিয়লি নগাঁৱৰ উৰিয়াগাঁৱত আৱকাৰী বিভাগে অভিযান চলাই প্ৰায় পাঁচশ লিটাৰ চুলাই মদ কঢ়িয়াই অনা এখন টেম্প’ জব্দ কৰাৰ লগতে এজন লোককো আটক কৰে।

আটকাধীন লোকজন হৈছে ডিমৰুগুৰিৰ দীপাংকৰ দাস। এই লোকজনেই AS02BC-3678 নম্বৰৰ টেম্প’খনত বঢ়মপুৰৰ বামুণী অঞ্চলৰ পৰা চুলাই মদখিনি গোপনে সৰবৰাহৰ চেষ্টা চলাইছিল।

উল্লেখ্য যে, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে এক অসাধু চক্ৰই।