NORTHEAST NOW (Assamese)

কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

April 22, 2023 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী

অবৈধ কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই বন বিভাগে কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ গাঁঁওৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।

এই অভিযানত লাখ লাখ টকাৰ চেগুন আৰু গমাৰী কাঠকে ধৰি আন বহু মূল্যবান চোৰাং কাঠ জব্দ কৰিছে বন বিভাগে।

এই অভিযানৰ সময়ত বন বিভাগৰ বিষয়াসকলে AS09-C-8860 নম্বৰৰ এখন টাটা মোবাইল বাহনো জব্দ কৰে। এই গাড়ীখন চোৰাং কাঠ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে।

জব্দ কৰা কাঠ আৰু বাহনসমূহ অধিক তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক গতাই দিয়া হৈছে।

উল্লেখ্য যে যোৱা ২ এপ্ৰিলতো দক্ষিণ কামৰূপত ধাৰাবাহিক অভিযান চলাই গৰৈমাৰীত চোৰাং কাঠ আৰু এখন বাহনো জব্দ কৰিছিল বন বিভাগৰ লোকে।

Related News