অসাধু ব্যৱসায়ীৰ সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান

শিল মাফিয়াৰ দপদপনিত এতিয়া সংকটত নামেৰীৰ জীৱকুল

Nameri Final

ফটো: নৰ্থইষ্ট নাও।

উচ্চ পদস্থ বন বিষয়া আৰু ৰাজনৈতিক নেতাৰ আশীৰ্বাদত এতিয়া নামেৰীত অবাধে চলিছে শিলৰ অবৈধ আহৰণ।

আনহাতে, পৰ্যটকৰ দৃষ্টিত নপৰিবলৈ বন্ধ কৰা হৈছে ইক’ কেম্প!

ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত অবাধে চলিছে শিলৰ খনন আৰু অবৈধ সৰবৰাহ। নামেৰীত এতিয়া প্ৰতিদিনেই সুলভ হৈ পৰিছে এনে দৃশ্য।

নিশা হ’লেই জেচিবি আৰু ডাম্পাৰ আৰু দিনৰ ভাগত ট্ৰেক্টৰেৰে চলে এই খনন তথা সৰবৰাহ। দৈনিক ৬০-৭০ খন ট্ৰেক্টৰ-ডাম্পাৰেৰে এইদৰে সৰবৰাহ ঘটে জীয়া ভৰলী নদীৰ শিল।

নামেৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ নাতিদূৰৈত তথা পাটাচালি বিট অফিচৰ সন্মুখতে চলি আছে শিলৰ অবাধ আহৰণ আৰু সৰবৰাহ।

আনহাতে, মাজে সময়ে দুই-এখন অবৈধ শিল ভৰ্তি বাহন জব্দ কৰাৰ নাটক কৰিয়েই দায়িত্ব সামৰে বন বিভাগে।

জীয়া ভৰলী নদীত চলি থকা এই অবাধ শিল আহৰণে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুলৈও নমাই আনিছে অশনি সংকেত।

জানিব পৰা মতে উত্তম পাটৰ নামৰ এজন শিল মাফিয়াই নামেৰীৰ জীয়া ভৰলী নদীত এইদৰে চলাই গৈছে শিলৰ অবৈধ খনন।

এক সূত্ৰই জানিবলৈ দিয়া মতে নামৰীত বন বিভাগৰ বন্য প্ৰাণী আৰু টেৰিটৰিয়েল সংমণ্ডলৰ দুই DFOৰ আশীৰ্বাদতে উত্তম পাটৰে চলাই গৈছে শিলৰ এই অবৈধ সৰবৰাহ। এই অবৈধ শিল আহৰণত আছে শাসক দলৰ ৰাজনৈতিক নেতাৰো পৃষ্ঠপোষকতা।

ইপিনে, শিলৰ সৰবৰাহত পৰ্যটকৰ দৃষ্টি নপৰিবলৈ বন্ধ কৰা হৈছে কেইবাটাও ইক’ কেম্প। শেহতীয়াভাৱে, চাৰিদুৱাৰ ৰেঞ্জৰ বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত কেইবাটাও ইক’ কেম্পক অবৈধ ঘোষণা কৰি বন্ধৰ নিৰ্দেশ দিছে বন বিভাগে।

সেইদৰে, বন বিভাগৰ ছত্ৰছায়াতে চলি আছে অবাধ শিল খনন। বাহনে প্ৰতি ধন সংগ্ৰহ কৰি বন বিভাগে মাফিয়াক অবৈধ শিল আহৰণৰ সুবিধা কৰি দিছে।