‘কুম্ভকৰ্ণ নিদ্ৰা এৰক, দেশত সম্পূৰ্ণ লকডাউন ঘোষণা কৰক’, কেন্দ্ৰক সকিয়ালে কোনে?

cooo

দেশৰ  কোভিড পৰিস্থিতি এতিয়া জটিল হৈ পৰিছে। এনে পৰস্থিতিত কুম্ভকৰ্ণ নিদ্ৰা ত্যাগ কৰি সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ দাবী জনালে ইণ্ডিয়ান মেডিকেল এচোছিয়েছনে।

আজি ইণ্ডিয়ান মেডিকেল এচোছিয়েছনে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে দেশত ক’ৰ’নাৰ সংক্ৰমণৰ শৃংখল ভাঙি পৰস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ লকডাউন দিয়াৰ বিকল্প নাই।

লকডাউন দিলে দেশৰ স্বাস্থ্য সেৱাৰ পৰিকাঠামোও পুনৰ সুন্দৰ ভাবে গঢ়ি তুলিব পৰা যাব বুলি ইণ্ডিয়ান মেডিকেল এচোছিয়েছনে মতপোষণ কৰে।

বিজ্ঞপ্তিখনত সংস্থাটোৱে লগতে এইবুলিও আক্ষেপ কৰিছে যে পূৰ্বে সংস্থাটোৱে চৰকাৰক দিয়া পৰামৰ্শ চৰকাৰে কাৰ্যকৰী কৰাৰ সলনি ডাষ্টবিনলৈ নিক্ষেপহে কৰিলে।ফলত দেশত ক’ৰ’না পৰিস্থিতি জটিল হৈয়ে ৰৈছে।

অৰ্থনীতিতকৈ জীৱন বেছি মূল্যৱান বুলি উল্লেখ কৰি সংস্থাটোৱে লগতে কৈছে যে নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে যদিও এই ব্যৱস্থা মুঠেও ফলদায়ক হোৱা বুলি প্ৰমাণ হোৱা নাই। সেয়ে সম্পূৰ্ণ লকডাউনৰহে প্ৰয়োজন আহি পৰিছে।

উল্লেখ্য দেশত ক’ৰ’নাৰ দ্বিতীয়টো ঢৌৱে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতিদিনে দেশত লাখ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। এনে সময়তে দেশৰ শেহতীয়া কোভিড পৰিস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে উচ্চতম ন্যায়ালয়ো।

ক’ৰ’নাৰ মহা সংক্ৰমণ  ৰোধৰ বাবে সেয়ে উচ্চতম ন্যায়ালয়ে অলপতে কেন্দ্ৰ আৰু  ৰাজ্য সমূহক লকডাউনৰ কথা চিন্তা কৰিবলৈ পৰামৰ্শ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডৰ খণ্ডপীঠে  ক’ৰ’না পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লকডাউনৰ বিকল্প নাই বুলি মন্তব্য কৰাৰ লগতে এই বিষয়ত সেয়ে চিন্ত চৰ্চা কৰিবলৈ খণ্ডপীঠ খনে ৰাজ্য সমূহক পৰামৰ্শ দিছিল।

জনস্বাৰ্থৰ খাতিৰতে লকডাউন দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে বুলি আদালতে মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয়ে।

মাৰ্কিন স্বাস্থ্য বিশেষজ্ঞ ফাউচিয়েও লকডাউনৰ জৰিয়তেহে ক’ৰ’না সংক্ৰমণৰ শৃংখল ভাঙি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা যায় বুলি কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত কৈছিল।