‘ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ বিল, ২০২৫’ (অভিবাসন আৰু বিদেশী বিধেয়ক) লোকসভাত গৃহীত হ’ল। বৃহস্পতিবাৰে লোকসভাত এই বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যিসকল লোকক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰা হয় তেওঁলোকক কোনো কাৰণতে দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।
বিধেয়কখনৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ‘দেশখন কোনো ধৰ্মশাল নহয়।‘ বাতৰি অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, “যদি কোনোবাই ভাৰতলৈ দেশৰ উন্নয়নত অৰিহণা যোগাবলৈ আহে, তেন্তে তেওঁক সদায় আদৰণি জনোৱা হ’ব। পৰ্যটক হিচাপে, শিক্ষাৰ বাবে, স্বাস্থ্যসেৱাৰ বাবে, গৱেষণা আৰু উন্নয়নৰ বাবে, ব্যৱসায়ৰ বাবে ভাৰতলৈ আহিব বিচৰা সকলোকে আমি আদৰণি জনাইছো। কিন্তু যিসকলে দেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে তেওঁলোকৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।”
এই বিধেয়কখনক লৈ আজি লোকসভাত তিনি ঘণ্টাৰো অধিক সময় বিতৰ্ক চলে। বিধেয়কখনৰ সন্দৰ্ভত শ্বাহে আৰু কয় যে এই প্ৰস্তাৱিত আইনখনে দেশৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিব। অৰ্থনীতি আৰু ব্যৱসায় শক্তিশালী হ’ব আৰু স্বাস্থ্য আৰু শিক্ষা খণ্ডই উত্থান লাভ কৰিব।
তেওঁ কয় যে প্ৰব্ৰজন কোনো বিচ্ছিন্ন বিষয় নহয়। ই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিভিন্ন বিষয়ৰ সৈতে জড়িত। এই বিধেয়কখনে ভাৰতলৈ অহা প্ৰতিজন ব্যক্তিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাটো নিশ্চিত কৰিব। তেওঁলোক কিয় ভাৰতলৈ আহিছে আৰু কিমান দিন ভাৰতত থাকিব বিচাৰে আমি সকলো গম পাম। ভাৰতলৈ অহা প্ৰতিজন বিদেশীৰ সবিশেষ জনাটো অতি প্ৰয়োজনীয়।