NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকাৰীৰ উদ্যোগত কাজিৰঙাত উত্তৰ পুৰ্বাঞ্চলৰ সমূহ ৰাজ্যৰ মুখ্য বন বিষয়াৰ গুৰুত্বপুৰ্ণ বৈঠক

March 2, 2021 12:38 pm · উত্তম শইকীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ বনাঞ্চলত দুদিনীয়া কাৰ্যসুচীৰে পূৱ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন আৰু বাঘ্ৰ বনাঞ্চলসমূহৰ ক্ষেত্ৰ সঞ্চালকৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে৷

কাজিৰঙাৰ কহঁৰাতস্থিত আয়’ৰা নামৰ হোটেলৰ সভাকক্ষত আয়োজিত এই বৈঠক ১ মাৰ্চৰ পুৱা বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে অসম চৰকাৰৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান  মুখ্য বন সংৰক্ষক অমিত চাহাই, ৰাষ্ট্ৰীয় বাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ সদস্য সচিব এছ পি যাদৱ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ ও বন মন্ত্ৰালয়ৰ এ ডি জি সৌমিত্ৰ দাসগুপ্তাই৷

অনুষ্ঠানৰ আৰম্ভণিতেই কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে সকলোকে ফুলাম গামোছা আৰু ফুলৰ থোপাৰে কাজিৰঙালৈ আদৰণি জনায়৷

দুদিনীয়া বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ ৩১ গৰাকী বিষয়াই অংশ গ্ৰহণ কৰিছে৷ উদ্বোধনী অনুষ্ঠানতে অসমৰ মুখ্য বন বল এ এম সিং আৰু প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱো উপস্থিত থাকে৷ আৰম্ভণিতেই কেন্দ্ৰীয় বাঘ্ৰ সংৰক্ষণ
প্ৰাধিকৰণৰ হৈ সদস্য সচিব এছ পি যাদৱে দেশত বাঘ সংৰক্ষণৰ বাবে লোৱা পদক্ষেপ আৰু কেন্দ্ৰীয় বন মন্ত্ৰালয়ৰ সৌমিত্ৰ দাসগুপ্তই বাঘ সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ বাখ্যা কৰে৷

অনুষ্ঠানত গঁড়ৰ উদ্ধাৰ আৰু মৃত গঁড়ৰ মৃতদেহ সৎকাৰৰ সংক্ৰান্তৰ দুটা বিভাগীয় পট’কলো উদ্বোধন কৰা হয়৷

উদ্বোধনী অনুষ্ঠানৰ পিছতেই যাদৱেন্দ্ৰ দেৱ ঝালাৰ নেতৃত্বত ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ দলে দেশত ঢেকীয়াপতীয়া বাঘৰ স্থিতি, বিস্তৃতি, আৱাস আৰু সংঘাত আদিৰ বিভিন্ন তথ্যৰ আধাৰত সচিত্ৰ উপস্থাপন দাঙি ধৰে৷

বিয়লিলৈ বাঘ্ৰ বনাঞ্চলৰ সমুহ বিষয়াই কাজিৰঙাৰ বাগৰি বনাঞ্চলত প্ৰৱেশ কৰি কাজিৰঙাৰ বাঘ সংৰক্ষন আৰু আৱাস সংৰক্ষণৰ স্থিতিৰ বুজ লয়৷

মংগলবাৰে পুৱা দলটোয়ে কাজিৰঙাত হাতী চাফাৰী কৰা পিচত দ্বিতীয় পৰ্যায়ৰ বৈঠকত মিলিত হয়৷ পুৱা বেলাৰ বৈঠকত অসম, অৰুণাচল, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ বিষয়াই নিজ ৰাজ্য বাঘৰ স্থিতি আৰু সমংৰক্ষণ সম্পৰ্কত সচিত্ৰ
উপস্থাপন দাঙি ধৰে৷

বিয়লিলৈ দলটোয়ে কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত জীপ চাফাৰী কৰাৰ পিচতে সন্ধিয়ালৈ দেশৰ বাঘ সংৰক্ষণৰ বাবে অতি গুৰুত্বপুৰ্ণ বুলি বিবেচিত এই উচ্চ পৰ্যায়ৰ বৈঠকৰ সামৰণি পৰিব৷

Related News