সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ গুৰুত্বপূৰ্ণ প্রেছ বিবৃতি ৰাইজৰ দল
শেহতীয়াকৈ ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ বিধান সভা আৰু লোকসভা সমষ্টি সমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে যি খচৰা প্রকাশ কৰিছে, সেই ক্ষেত্ৰত Guidelines and Methodology সমূহ সম্পূৰ্ণৰূপে উলংঘা কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে The Representation of People Act 1950 (সংশোধিত) ৰ ধাৰা 8 A অনুযায়ী নিৰ্বাচন আয়োগক অসমৰ সমষ্টি সমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ কৰ্তৃত্ব অৰ্পন কৰা হৈছে । নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি বিজেপি-আৰ এছ এছ তথা ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শ্ৰুতলিপিত নিৰ্বাচন আয়োগে সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু একপক্ষীয় নীতিৰে সমষ্টি সমূহৰ সীমা নিৰ্ধাৰণৰ খচৰা তালিকা প্রকাশ কৰিছে। এনে একপক্ষীয় আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে প্রস্তুত কৰা খচৰা তালিকাৰ আমি ৰাইজৰ দলে তীব্ৰ বিৰোধিতা কৰিছো। কোনো যুক্তিতে এই একপক্ষীয় আৰু সাম্প্ৰদায়িক চিন্তাৰে প্রস্তুত কৰা খচৰা তালিকা গ্ৰহণ কৰিব নোৱাৰি।
Guidelines and Methodology অনুযায়ী ৰাজ্যখনৰ সৰ্বমুঠ জনসংখ্যাক (২০০১ চনৰ লোকপিয়ল অনুসৰি) বিধানসভা সমষ্টিৰ মুঠ সংখ্যা ১২৬ ৰে হৰণ কৰিলে যি ফলাফল দেখুৱাব সেই অনুযায়ী জিলা ভিত্তিত সকলো সমষ্টিতে জনসংখ্যা বিতৰণ কৰা হ’ব। অৰ্থাৎ ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা ২,৬৬,৫৫,৫২৮ জন। সৰ্বমুঠ বিধান সভা সমষ্টি ১২৬ ৷ মুঠ জনসংখ্যা ২,৬৬,৫৫,৫২৮ ক ১২৬ ৰে হৰণ কৰিলে গড় জনসংখ্যা হ’ব ২১১৫৫২ জন। এই গড় জনসংখ্যাই কোন জিলাত কিমান সমষ্টিৰ সংখ্যা হ’ব সেয়া নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সমষ্টি সীমা পুনৰ নিৰ্ধাৰণৰ Guidelines and Methodology ৰ ৫ নং দফা মতে ২০০১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যাক সমষ্টিৰ গড় জনসংখ্যাৰে হৰণ কৰি জিলাখনৰ সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’ব। কিন্তু এইদৰে জিলাৰ সমষ্টিৰ সংখ্যা নিৰ্ধাৰণৰ ক্ষেত্ৰত আশ্রয় লোৱা হ’ল অত্যন্ত কূট-কৌশল আৰু সাম্প্ৰদায়িক মনোভাৱৰ। কিছুমান জিলাত সমষ্টিৰ সংখ্যা কৌশলেৰে হাস কৰা হ’ল আন কিছুমানত কৌশলেৰে সমষ্টিৰ সংখ্যা বৃদ্ধি কৰা হ’ল। ২০০১ চনৰ লোকপিয়ল অনুসৰি কোকৰাঝাৰ জিলাৰ মুঠ জনসংখ্যা ৮,৪৩,২৪৩ জন। এই মুঠ জনসংখ্যাক সমষ্টিৰ গঢ় জনসংখ্যা ২,১১,৫৫২ ৰে হৰণ কৰিলে ফলাফল হ’ব ৩.৯৯ ।
ডিলিমিটেশ্বনৰ Guidelines and Methodology অনুযায়ী জিলাৰ মুঠ জনসংখ্যাক গড় জনসংখ্যাৰে হৰণ
কৰিলে ফলাফলত দশমিক ওলালে সেইয়া এক দ্বিতীয়াংশতকৈ বেছি হলে অৰ্থাৎ .৫০ বা তাতকৈ বেছি হলে এক বুলি গণ্য কৰা হ’ব, আনহাতে ফলাফল এক দ্বিতীয়াংশতকৈ কম হলে অৰ্থাৎ .৪৯ বা তাতকৈ কম হ’লে তাক অগ্রাহ্য কৰা হ’ব। এই নীতি অনুযায়ী কোকৰাবাৰ জিলাৰ সমষ্টিৰ সংখ্যা হ’ব ৪ ৷ কিন্তু শেহতীয়াকৈ নিৰ্বাচনী আয়োগে প্রকাশ কৰা খচৰা তালিকাত কোকৰাঝাৰ জিলাত সমষ্টি সংখ্যা নিৰ্ধাৰণ কৰিছে ৫ টা। পূৰ্বতে কোকৰাব্বাৰ জিলাক সমষ্টিৰ সংখ্যা আছিল ৩ ৷ বৰ্তমান সেই সংখ্যা ৫ লৈ বৃদ্ধি কৰিলে। যিটো নিৰ্বাচন আয়োগৰ Guidelines and Methodology ৰ বিৰোধী কথা। অনুৰূপ ধৰণে লখিমপুৰ জিলাৰ ২০০১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা ৮,৮৯,০১০ জন। সমষ্টিৰ গড় জনসংখ্যা ২,১১,৫৫২ ৰে মুঠ জনসংখ্যাক হৰণ কৰিলে ফলাফল ৪.২১ হয়। অৰ্থাৎ লখিমপুৰ জিলাৰ সমষ্টিৰ সংখ্যা ৪ হ’ব লাগে। কিন্তু নিৰ্বাচন আয়োগে প্রকাশ কৰা শেহতীয়া খচৰা তালিকাত লখিমপুৰ জিলাত সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰিছে ৫। যিটো গাইডলাইন আৰু মেথড’লজিৰ বিৰোধী কথা। অন্যহাতে অবিভক্ত ধুবুৰী জিলাৰ ২০০১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা ‘১৫,৬৬,৩৯৬ জন। এই মুঠ জনসংখ্যাক সমষ্টিৰ গড় জনসংখ্যা ২,১১,৫৫২ ৰে হৰণ কৰিলে ফলাফল হয় ৭.৪০। অৰ্থাৎ দক্ষিণ শালমাৰা সহ অবিভক্ত ধুবুৰী জিলাৰ সমষ্টিৰ সংখ্যা হ’ব লাগিছিল ৭ ৷ কিন্তু শেহতীয়াকৈ প্রকাশিত খচৰাত অবিভক্ত ধুবুৰী জিলাত সমষ্টি নিৰ্ধাৰণ কৰিছে ৬ টা। যিটো গাইডলাইন আৰু মেথড’লজিৰ বিৰোধী কথা।
অনুৰূপ ধৰণে বৰপেটা জিলাতো সমষ্টিৰ সংখ্যা নিৰ্ধাৰণত নিৰ্বাচন আয়োগৰ গাইডলাইন আৰু মেথড’লজিৰ নীতি ভংগ কৰি সমষ্টিৰ সংখ্যা হাস কৰা হৈছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি বৰপেটা জিলাৰ মুঠ জনসংখ্যা ১৬,৪২,৪২০ জন।
এই মুঠ জনসংখ্যাক সমষ্টিৰ গড় জনসংখ্যাৰে হৰণ কৰিলে ফলাফল ৭.৭৭ হয়। অৰ্থাৎ বৰপেটৈ জিলাত সমষ্টিৰ সংখ্যা ৮ হ’ব লাগে। কিন্তু শেহতীয়াকৈ প্রকাশিত খচৰা তালিকাত বৰপেটা জিলাৰ সমষ্টিৰ সংখ্যা হাস কৰি নিৰ্ধাৰণ কৰা হৈছে ৬। যিটো গাইডলাইন আৰু মেথড’লজিৰ বিৰোধী কথা। একেদৰে বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ ২০০১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা ৫,৪২,৮৭২ জন। সমষ্টিৰ গড় জনসংখ্যা ২,১১,৫৫২ ৰে মুঠ জনসংখ্যাক হৰণ কৰিলে ফলাফল হয় ২.৫৭। গতিকে হাইলাকান্দি জিলাত সমষ্টিৰ সংখ্যা হ’ব লাগে। কিন্তু খচৰাত নিৰ্ধাৰণ কৰা হৈছে ২। যিটো গাইডলাইন আৰু মেথড’লজিৰ বিৰোধী ৷ কৰিমগঞ্জ জিলাতো নিৰ্বাচন আয়োগে গাইডলাইন আৰু মেথড’লজিৰ নীতি উলংঘা কৰি সমষ্টিৰ সংখ্যা হাস কৰিছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা ১০,০৭,৯৭৬ জন। সমষ্টিৰ গড় জনসংখ্যা ২,১১,৫৫২ ৰে মুঠ জনসংখ্যাক হৰণ কৰিলে ফলাফল হয় ৪.৭৭ অৰ্থাৎ সমষ্টিৰ সংখ্যা হ’ব লাগে ৫ ৷ কিন্তু খচৰাত অন্যায়ভাৱে এটা সমষ্টি হ্ৰাস কৰি সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰিছে ৪ ৷ যিটো গাইডলাইন বিৰোধী কথা।
এনেদৰেই সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ প্রক্ৰিয়াৰ গাইডলাইন আৰু মেথড’লজিৰ বিপৰীতে গৈ সম্পূৰ্ণ সাম্প্ৰদায়িক মনোভাৱেৰে আৰু একপক্ষীয় নীতিৰে অসমৰ জিলা ভিত্তিত সমষ্টিৰ সংখ্যা বঢ়োৱা কমোৱা হৈছে। এই ক্ষেত্রত নিৰ্বাচন আয়োগে গাইডলাইন আৰু মেথড’লজিৰ তৃতীয় অনুচ্ছেদৰ ৪ নং দফাৰ আশ্ৰয় লৈছে। উক্ত দফাত উল্লেখ আছে যে কোনো জিলাৰ ভৌগলিক পৰিস্থিতি, জনসাধাৰণৰ অসুবিধা আৰু প্ৰশাসনীয় গোটৰ বিভাজন আওকাণ কৰিবলৈ নিৰ্বাচন আয়োগে সংশ্লিষ্ট জিলাখনৰ জনসংখ্যা ১০ বৃদ্ধি বা হাস কৰি গণনা কৰিব পাৰে। কিন্তু কিহৰ ভিত্তিত জিলা বিশেষে জনসংখ্যা কম বা বেছি কৰি গণনা কৰা হ’ল সেয়া স্পষ্ট হোৱা নাই। কিন্তু স্পষ্টকৈ ধাৰণা কৰিব পাৰি যে সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত উগ্র সাম্প্ৰদায়িক মনোভাৱ আৰু শাসকীয় দলৰ ভোটৰ অংকক অগ্ৰাধিকাৰ প্রদান কৰা হৈছে। যিটো গ্ৰহণযোগ্য কথা নহয়।
নিৰ্বাচন আয়োগ সম্পূৰ্ণ নিৰপেক্ষ হোৱা উচিত। জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলোকে সমদৃষ্টিৰে বিবেচনা কৰি গাইডলাইন আৰু মেথড’লজিৰ নীতি অনুযায়ী সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ তথা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হোৱা উচিত। বিশেষ জনগোটক টাৰ্গেট কৰি সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ অথবা সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰিলে জনতা ক্ষোভিত হ’ব আৰু সেই ক্ষোভৰ বহিঃপ্রকাশ ঘটিলে ৰাজ্যত বিশৃংখল পৰিবেশৰ সূচনা যে নহ’ব সেয়া নুই কৰিব নোৱাৰে। নিৰ্বাচন আয়োগক শাসকীয় দলৰ নেতা-কৰ্মী তথা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ প্রভাৱ মুক্ত হৈ সম্পূৰ্ণ নিৰপেক্ষ দৃষ্টিভংগীৰে সমষ্টিৰ সংখ্যা তথা সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনালোঁ।