মাজনিশা আস্থাভোটত ক্ষমতা হেৰুৱাই অপসাৰিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান

দেশখনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত শনিবাৰে পাকিস্তানত আস্থা ভোটৰ সময়তো এক নাটকীয় পৰিস্থিতিৰ অৱতাৰণা হয়। নিশা প্ৰায় ১১বাজি ৫০ মিনিটলৈকে ৰাষ্ট্ৰীয় সংসদত আস্থা ভোটৰ বাবে ভোটদান আৰম্ভ হোৱা নাছিল। ইয়াৰ পিছতে অতি নাটকীয়ভাৱে অধ্যক্ষ আছাদ কাইচাৰ আৰু উপাধ্যক্ষ কাছিম সুৰীয়ে পদত্যাগ কৰে।

তাৰপিছতে পাকিস্তান নেশ্যনেল এছেম্বলিৰ চেয়াৰ পেনেলৰ সদস্য আয়াজ ছাদিকে অধ্যক্ষৰ দায়িত্ব চম্ভালে। মাজনিশাই তেওঁ আস্থা ভোটৰ বাবে ভোটদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ মাজতে দুই মিনিটৰ বাবে অধিৱেশন স্থগিত ৰখা হয়।

দেওবাৰে পুৱতি নিশা ১৭৪-০ ভোটৰ ব্যৱধানত ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত হয়। পাকিস্তানৰ ৩৭২খন আসনযুক্ত নেশ্যনেল এছেম্বলিত বিজয় বাবে ১৭২টা ভোটৰ প্ৰয়োজন আছিল।

লগতে পঢ়ক: হিন্দী ভাষা বিতর্ক : ‘অসমীয়া জাতিৰ ওপৰত এইটো ১৮ নম্বৰ মোগলৰ আক্ৰমণ’

আস্থা ভোটত পৰাজিত হোৱাৰ পিছতে ইমৰাণ খানক প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰা হয়। ইয়াৰ পূৰ্বেই ইমৰাণ খানৰ তেহৰিক-ই-ইনছাফৰ সদস্যসকলে সংসদ ত্যাগ কৰে।

ইপিনে, আস্থা ভোট আৰম্ভ হোৱাৰ সময়ত প্ৰথমটো ভোট দিয়ে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে। তাৰপিছত এজন এজনকৈ ১৭৩জন সদস্যই অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। তাৰমাজতে ইমৰাণে খানে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বাবে আৱন্টিত চৰকাৰী বাসভৱন ত্যাগ কৰি গুচি যায়।