হিন্দী ভাষা বাধ্যতামূলক কৰিবলৈ লোৱা কাৰ্যক তীব্ৰ সমালোচনা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ
চৰকাৰী ভাষা বিষয়ক সংসদীয় সমিতিৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ লগতে উত্তৰপূবৰ আটাইকেইখন ৰাজ্যত দশম শ্ৰেণীলৈকে হিন্দী ভাষা বাধ্যতামূলক কৰা হব বুলি কৰা ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
আজি শিৱসাগৰত এক সংবাদমেল যোগে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মানস কোঁৱৰে কয়, ‘বিজেপি আৰু আৰ এছ এছে হিন্দী, হিন্দু আৰু হিন্দুত্ববাদৰ নামত অসমীয়াকে ধৰি উত্তৰ পূবৰ জাতি জনগোষ্ঠী তথা জনজাতি সমূহৰ ভাষাক ধ্বংস কৰিব বিচাৰিছে। এক ৰাষ্ট্ৰ, এক ভাষা, এক ধৰ্ম, এক সংস্কৃতিয়েই হৈছে বিজেপি আৰএছএছৰ মূল আদৰ্শ’।
কোঁৱৰে কয়, ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাই, ভাৰতবৰ্ষৰ কেৱল চৰকাৰী ভাষা আছে। সেয়া হৈছে হিন্দী আৰু ইংৰাজী। বিজেপি আৰু আৰএছএছে ভুৱা প্ৰচাৰ চলাই আছে যে হিন্দী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা বুলি।
তেওঁ লগতে কয়, ২০১৩ চনত গুজৰাট হাইকৰ্টে এক গোচৰত ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাই বুলি ইতিমধ্যে ৰায়দান কৰি থৈছে।
তেওঁ লগতে কয়, ১৯৬৫ চনত হিন্দী ভাষাক চৰকাৰী ভাষা কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ হৈছিল। আৰু এই প্ৰতিবাদত নত হৈ সেই সময়ৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৱে চৰকাৰী ভাষা আইন ১৯৬৫ চনত সংসদত গৃহীত কৰিবলৈ বাধ্য হৈছিল। য’ত হিন্দী আৰু ইংৰাজী ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হয়। ১৯৬৫ চনত চৰকাৰী ভাষা আইন, ১৯৬৭ ৰ সংশোধন ঘটাই হিন্দী ভাষা নোকোৱা ৰাজ্যসমূহৰ সংযোগী ভাষা ইংৰাজী হব বুলি ঘোষণা কৰা হয় বুলি সংবাদ মেলত কয়।
তেওঁ কয়, অমিত শ্বাহে হিন্দী ভাষা দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা সিদ্ধান্ত দেশৰ সংবিধান আৰু আইন বিৰোধী।এই কাৰ্যক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছে। এই সিদ্ধান্ত বাতিল নকৰিলে বিজেপি চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে ছাত্ৰ নেতা মানস কোঁৱৰে।
বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক অসমীয়া জাতিৰ ওপৰত ১৮ নম্বৰ ‘মোগলৰ আক্ৰমণ’ বুলি কয় মানস কোঁৱৰে। হিন্দী ভাষা বাধ্যতামূলক কৰি অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া জাতীয়তাবাদৰ ওপৰত ‘মোগলৰ ১৮ নম্বৰ আক্ৰমণ’ চলাইছে। এই আক্ৰমণ আমি প্ৰতিহত কৰিব নোৱাৰিলে অসমীয়া জাতি আৰু অসমীয়া জাতীয়তাবাদ কোনো পক্ষে ৰক্ষা কৰিব নোৱাৰো বুলি কয় মানস কোঁৱৰে।
সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পৰাশৰ কোঁৱৰ আৰু সাধাৰণ সম্পাদক মানসজ্যোতি আৰন্ধৰাও উপস্থিত থাকে।