গুজৰাট বিধানসভাৰ ১৮২খন আসনত মুছলমান বিধায়ক এজন; কংগ্ৰেছৰ টিকটত জয়ী ইমৰান

গুজৰাটৰ একমাত্ৰ মুছলমান বিধায়ক ইমৰান খেদাওৱালা। ফাইল ফটো।

গুজৰাটৰ নতুন বিধানসভাত কংগ্ৰেছৰ ইমৰান খেদাওৱালা একমাত্ৰ মুছলমান বিধায়ক। ১৮২ জন বিধায়কৰ ভিতৰত তেওঁ সংখ্যালঘু সম্প্ৰদায়ৰ একমাত্ৰ প্ৰতিনিধি। ভাৰতীয় জনতা পাৰ্টীয়ে সদ্যসমাপ্ত নিৰ্বাচনত বৃহৎ ব্যৱধানত জয়ী হৈছে। বিদায়ী বিধানসভাত মাত্ৰ তিনিজন মুছলমান বিধায়ক আছিল আৰু সকলোৱে কংগ্ৰেছৰ টিকটত নিৰ্বাচনত জয়ী হৈছিল। ইমৰান খেদাওৱালাই  ১৩,৬৫৮ টা ভোটত জয়ী হৈছে।

ইমৰান খেদাওৱালাই মুছলমান অধ্যুষিত অঞ্চল জামালপুৰ খাদিয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দী ভূষণ ভাটক পৰাস্ত কৰিছে। এআইএমআইএমে (AIMIM) এই সমষ্টিটোত প্ৰাৰ্থী প্ৰদান কৰিছিল। দলৰ ৰাজ্যিক সভাপতি আৰু প্ৰাক্তন বিধায়ক চাবিৰ কাবলিওৱা নিৰ্বাচনী যুঁজত নামিছিল। সমষ্টিটোত আম আদমী পাৰ্টিৰ পীৰজাদাই ৫৩ হাজাৰ ভোট লাভ কৰিও পৰাজিত হৈছে।

লগতে পঢ়ক: ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান

এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে তিনিজন বিধায়ককে ধৰি ছয়জন মুছলমান প্ৰাৰ্থীক টিকট প্ৰদান কৰিছিল। অৱশ্যে তেওঁলোকৰ পাঁচজন হাৰিছে। কেৱল ইমৰানে নিৰ্বাচিত হৈছে। ২০১৭ চনত সংখ্যালঘু সম্প্ৰদায়ৰ পাঁচজন প্ৰাৰ্থীৰ তিনিজন জয়ী হৈছিল। এইবাৰ কেৱল এজনহে বিধানসভালৈ গৈছে। গুজৰাটৰ জনসংখ্যাৰ প্ৰায় ১০ শতাংশ মুছলমান।

আনহাতে, কচ্ছ জিলাৰ আবচাদা আসনত কংগ্ৰেছৰ মুছলমান প্ৰাৰ্থী জাট মামদ জং দলত্যাগী কংগ্ৰেছ নেতা প্ৰদ্যুমানসিং জাদেজাৰ হাতত প্ৰায় ৯ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হয়। আপে তিনিখন বিধানসভা আসন  জামালপুৰ-খাদিয়া, দৰিয়াপুৰ আৰু জাম্বুচাৰ –ত মুছলমান প্ৰাৰ্থী প্ৰদান কৰিছিল যদিও তেওঁলোকৰ কোনো জয়ী হোৱা নাই। বিজেপিয়ে এজনো মুছলমান প্ৰাৰ্থীক টিকট দিয়া নাই। অৱশ্যে, এআইএমআইএমে সংখ্যালঘু সম্প্ৰদায়ৰ পৰা ১২ জন প্ৰাৰ্থী থিয় কৰাইছিল। কিন্তু তেওঁলোক সকলো পৰাজিত হৈছে। গুজৰাট নিৰ্বাচনত এআইএমআইএমৰ বহুতো প্ৰাৰ্থীয়ে তৃতীয় স্থান লাভ কৰিছে। দৰাচলতে, যুঁজখন হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত।

সদ্য সমাপ্ত নিৰ্বাচনটোত বিজেপিয়ে ১৫৬ খন আসন লাভ কৰিছে। এইটো গুজৰাটৰ ইতিহাসত এটা অভিলেখ। কংগ্ৰেছে মাত্ৰ ১৭ খন আসন লাভ কৰি দ্বিতীয় স্থানত আছে। আম আদমী পাৰ্টীয়ে মাত্ৰ পাঁচখন আসনহে জিকিছে। অৱশ্যে, এই নিৰ্বাচনত কংগ্ৰেছৰ বেছিভাগ দলত্যাগীয়ে বিজেপিৰ টিকটত জয়ী হৈছে।