পৃথিৱীৰ সময় শেষ হৈ আহিছে! পানীত বা স্থলভাগত ক’তো কোনো প্ৰাণী জীয়াই নাথাকিব। ধ্বংস হৈ যাব সকলো ? বিজ্ঞানীসকলৰ গৱেষণাৰ পৰাই এনে তথ্য পোহৰলৈ আহিছে।
আলেকজেণ্ডাৰ ফাৰ্নছৱৰ্থৰ নেতৃত্বত ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে নেচাৰ জিঅ’চায়েঞ্চত ভৱিষ্যদ্বাণী কৰিছে যে অত্যধিক তাপ আৰু অত্যধিক কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰাৰ বাবে পৃথিৱীখন ২৫০ মিলিয়ন বছৰত সম্পূৰ্ণ ধ্বংসৰ সন্মুখীন হ’ব।
বিজ্ঞানীসকলে কয় যে পৃথিৱীখন ধ্বংস হোৱাৰ আগতেই পৃথিৱীৰ পৰিস্থিতি ভয়াৱহ হ’ব। জল বা স্থলত কোনো প্ৰাণী জীয়াই নাথাকিব। এই ভয়ংকৰ পৰিণতি কেনেকৈ হ’ব পাৰে সেই বিষয়ে বিজ্ঞানীসকলে অহৰহ গৱেষণা কৰি আহিছে। ডেইলী মেইলে ইয়াৰ এক প্ৰতিবেদনত এই আশংকাৰ কথা প্ৰকাশ কৰিছে।
ইয়াত কোৱা হৈছে যে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত বিজ্ঞানীসকলে কৈছে যে মানুহকে ধৰি পৃথিৱীৰ সকলো প্ৰাণী বিলুপ্ত হৈ যাব। সেই সময়ত পৃথিৱীৰ উষ্ণতা ৭০ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব। সেই পৰিস্থিতিত কেৱল জীৱ-জন্তুৱেই নহয়, গছ-গছনিও জীয়াই থাকিব নোৱাৰিব।
বিজ্ঞানীসকলৰ মতে ইয়াৰ এটা প্ৰধান কাৰণ হ’ল কাৰ্বন ডাই অক্সাইড বৃদ্ধি, যাৰ বাবে মানুহ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দায়ী। এই পৰিস্থিতিৰ কথা কওঁতে বিজ্ঞানীসকলে ডাইনোছৰ বিলুপ্তিৰ যুগটোক তুলনা হিচাপে উত্থাপন কৰিছে।
পৃথিৱীৰ ইতিহাস ব্যাখ্যা কৰোতে বিজ্ঞানীসকলে আঙুলিয়াই দিয়ে যে শেষ ছুপাৰকন্টিনেন্ট পাংগিয়া (Pangaea) ৩৩০ মিলিয়ন বছৰৰ পৰা ১৭০ মিলিয়ন বছৰৰ আগলৈকে চলিছিল। এতিয়া বিজ্ঞানীসকলে ভাবিছে যে ২৫০ মিলিয়ন বছৰৰ পাছত সকলো মহাদেশ একত্ৰিত হৈ ছুপাৰকন্টিনেন্ট পাংগিয়া আলটিমা গঠন কৰিব। ধ্বংস প্ৰক্ৰিয়াৰ বিষয়ে বিজ্ঞানীসকলে কৈছে যে পৃথিৱীখন প্ৰথমে উত্তপ্ত হ’ব, তাৰ পিছত শুকাই যাব আৰু শেষত বসবাসৰ অযোগ্য হৈ পৰিব। অতিমাত্ৰা উষ্ণতাৰ ফলত সঘনাই আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটিব, যাৰ ফলত পৰিস্থিতি আৰু জটিল হৈ পৰিব।