• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শুল্ক যুদ্ধত এইবাৰ ট্ৰাম্পৰ লক্ষ্য ‘বন্ধু’ মোডীৰ দেশ; ভাৰতৰ ওপৰতো ওলোটা শুল্ক আৰোপৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 11:00 am
292
VIEWS
Share on FacebookShare on Twitter

আমেৰিকান কংগ্ৰেছৰ যৌথ অধিৱেশনত প্ৰথম ভাষণত ট্ৰাম্পে ভাৰতৰ শুল্কক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। ভাৰতৰ লগতে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে দক্ষিণ কোৰিয়া, চীন, কানাডা, মেক্সিকোকো তীব্ৰ সমালোচনা কৰে। তেওঁৰ ভাষাত, “এই দেশসমূহৰ শুল্ক আৰোপ কৰাৰ বিষয়টো গ্ৰহণযোগ্য নহয়। এইটো অন্যায়।’ তাৰ পিছতে তেওঁ পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে।

নিজৰ ভাষণত ড’নাল্ড ট্ৰাম্পে কয় যে আমি ২ এপ্ৰিলৰ পৰা পাৰস্পৰিক শুল্ক আৰোপ কৰিম। মই বিচাৰিছিলো যে ১ এপ্ৰিলৰ পৰা ইয়াক কাৰ্যকৰী কৰা হওক। কিন্তু বহুতে হয়তো ভাবিব মই এপ্ৰিল ফুলৰ কৌতুক কৰিছো। অৱশ্যে ২ এপ্ৰিলৰ পৰা আমি আমাৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰাসকলৰ দৰেই তেওঁলোকৰ সামগ্ৰীতো শুল্ক আৰোপ কৰিম। যদি তেওঁলোকে আৰ্থিক শুল্কৰ পৰিৱৰ্তে আন কোনো বাধাৰ সৃষ্টি কৰে, তেন্তে আমিও একে কাম কৰিম। আমি তেওঁলোকক আমাৰ বজাৰৰ পৰা আঁতৰাই ৰাখিম।”

উল্লেখ্য যে আমেৰিকালৈ বিভিন্ন বিদেশী সামগ্ৰীৰ আমদানিৰ ওপৰত শুল্ক আৰোপ কৰিলে তাত সামগ্ৰীৰ ৰপ্তানি বন্ধ নহ’ব। কিন্তু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মহলৰ এটা অংশই ইয়াৰ কিছু পৰিমাণে প্ৰভাৱ পৰিব আৰু ৰপ্তানি হ্ৰাস পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। ফলত আমেৰিকাৰ গ্ৰাহকে সেই সামগ্ৰীসমূহ অধিক দামত কিনিবলগীয়া হ’ব পাৰে।

ইয়াৰ পূৰ্বে ট্ৰাম্পে গাড়ী, অৰ্ধপৰিবাহী, ঔষধজাত সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। অনুমান কৰা হৈছে যে সেই পাৰস্পৰিক শুল্কসমূহ ২এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব পাৰে। ট্ৰাম্প চৰকাৰে এই নতুন শুল্ক আৰোপ কৰাৰ দিশত আগবাঢ়িছে যাতে বিভিন্ন অটোম’বাইল নিৰ্মাতাই আমেৰিকাত গাড়ী নিৰ্মাণ আৰম্ভ কৰিব পাৰে।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ কেইবাটাও বিষয়ত দ্বিপাক্ষিক বৈঠক হৈছিল। হোৱাইট হাউছত বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই শুল্ক আৰোপৰ ঘোষণা কৰিছিল ট্ৰাম্পে। তেওঁ কৈছিল যে উচ্চ শুল্কৰ বাবে ভাৰতত ব্যৱসায় কৰাটো অত্যন্ত কঠিন হৈ পৰিছে। কিন্তু বৈঠকৰ পিছত বিষয়টো কিছু ঢাকি ৰখা হ’ল।

অৱশ্যে আজি আমেৰিকাৰ কংগ্ৰেছত ট্ৰাম্পৰ ভাষণত ভাৰতৰ শুল্ক সন্দৰ্ভত তেওঁৰ কণ্ঠত কাৰ্যতঃ অসন্তুষ্টিৰ সুৰ শুনা গ’ল। ভাৰতে সাধাৰণতে বিশ্বৰ আন যিকোনো দেশতকৈ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰে। সেই পৰিস্থিতিত এতিয়াৰ পৰা ভাৰতীয় সামগ্ৰীৰ শুল্ক আমেৰিকাৰ সামগ্ৰীৰ শুল্কৰ সমান হাৰত হ’ব।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ‘বাণিজ্যৰ ক্ষেত্ৰত ন্যায়পৰায়ণতাৰ স্বাৰ্থত মই প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছো। অৰ্থাৎ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা যিকোনো দেশৰ ওপৰত একে পৰিমাণৰ শুল্ক আৰোপ কৰা হ’ব।’

শেহতীয়াকৈ ভাৰতে আমেৰিকাৰ বোৰ্বন হুইস্কিৰ ওপৰত শুল্ক হ্ৰাস কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে আমেৰিকাৰ বোৰ্বন হুইস্কিৰ ওপৰত ১৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। এইবাৰ ৫০ শতাংশৰ পৰা ১০০ শতাংশলৈ হ্ৰাস কৰা হৈছে। ফলত আমেৰিকাৰ জনপ্ৰিয় ব্ৰেণ্ড জিম বিমৰ মূল্য ভাৰতত হ্ৰাস পাব পাৰে। যোৱা ১৩ ফেব্ৰুৱাৰীত এই শুল্ক হ্ৰাস কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল।

ভাৰতে চলিত বৰ্ষৰ বাজেটত মটৰ চাইকেলৰ শুল্ক হ্ৰাস কৰিছে। ফলত ভাৰতে আমেৰিকাৰ ব্ৰেণ্ড ‘হাৰ্লি ডেভিডছন’ বাইকৰ আমদানি শুল্ক আৰু ১০ শতাংশ হ্ৰাস কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে হাৰ্লি-ডেভিডছনৰ শুল্ক ৫০ শতাংশ হ্ৰাস কৰিছিল। এইবাৰৰ বাজেটত ইয়াক আৰু অধিক হ্ৰাস কৰা হৈছে।

Recent News

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd