চোৰাং কাঠ ব্যৱসায়ৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগৰ অভিযানত পুনৰ জব্দ দুটা অবৈধ কাঠ ফলা মিল

Forest officials operation in Krishnai

ফটো: নৰ্থইষ্ট নাও।

গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

বৃহস্পতিবাৰেও বন বিষয়া শিৱাণী পেগু দলেৰ নেতৃত্বত ৰাতিপুৱাৰে পৰা চলে তীব্ৰ অভিযান ৷

এই অভিযান কালত বন বিভাগে দহেলা মাজ জাখিলিৰ পৰা দুটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰে ৷ সেইদৰে, জব্দ কৰে ফালিবলৈ দমাই থোৱা গছৰ কুণ্ডা ৷

উল্লেখ্য যে কৃষ্ণাই আঞ্চলিক বন বিভাগে শেহতীয়াভাৱে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে ধাৰবাহিকভাৱে অভিযান চলাই আহিছে ৷ এই অভিযান কালত ইতিমধ্যে জব্দ হৈছে বহু অবৈধ কাঠ ফলা মিল তথা মূল্যবান কাঠৰ কুণ্ডা ৷

বৃহস্পতিবাৰেও দুটা মিল উচ্ছেদ কৰাৰ বিপৰীতে জব্দ কৰা হয় কেবাটাও গছৰ কুণ্ডা ৷

এই সন্দৰ্ভত বন বিষয়া গৰাকীৰ পৰা জানিব বিচৰাত তেওঁ কয় যে কৃষ্ণাই আঞ্চলিক বন বিভাগে চোৰাং বেপাৰীয়ে অবৈধভাৱে চলাই থকা কাঠ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব ৷

এই ক্ষেত্ৰত বন বিষয়া শিৱাণী পেগু দলেই সাধাৰণ  ৰাইজৰ পৰা সহযোগিতা কামনা কৰিছে।