অসমত কৰ’নাতংক! নতুনকৈ ৪০৫গৰাকী লোক আক্ৰান্ত; দুজনৰ মৃত্যু

Covid-test-image-1

প্ৰতিনিধিত্বমূলক ফটো।

অসমত এইবাৰ আকৌ ক’ৰনাৰ সংক্ৰমণে উদ্বেগৰ সৃষ্টি কৰিছে। কৰ’নাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱা ৰাজ্যখনত শনিবাৰে নতুনকৈ ৪০৫ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, ৰাজ্যখনত কৰ’নাত ২গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰে এগৰাকী বাক্সা জিলাৰ আৰু এগৰাকী কামৰূপ মহানগৰ জিলাৰ।

শনিবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাতে কৰ’নাত আক্ৰান্ত হৈছে ১৪৫ গৰাকী লোক। সেইদৰে, কামৰূপ গ্ৰাম্য জিলাত ২৮ গৰাকী, বৰপেটা জিলাত ২৩ গৰাকী আৰু ডিব্ৰুগড়ত ২৩ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

ৰাজ্যখনত এই দিনটোত মুঠ ৬৮,০৭৫গৰাকী লোকৰ কৰ’না টেষ্ট কৰা হৈছিল। সেইদৰে, এই দিনটোত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৭৯গৰাকী।

ৰাজ্যখনত এতিয়া সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ১,৫৮৭গৰাকী।

আনহাতে, ৰাজ্যখনত শুকুৰবাৰে  ২৮১ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

শুকুৰবাৰৰ দিনটোত কৰ’নাত ৩গৰাকী লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰে ২গৰাকী আছিল কাছাৰৰ আৰু এগৰাকী যোৰহাটৰ।

শুকুৰবাৰে অকল কামৰূপ মহানগৰ জিলাতে কৰ’নাত আক্ৰান্ত হৈছিল ১৫৩ গৰাকী লোক। সেইদৰে, নগাওঁ জিলাত ১২ গৰাকী, যোৰহাট জিলাত১১গৰাকী আৰু শোণিতপুৰত ১০ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

সেইদৰে, বৃহস্পতিবাৰে ৰাজ্যখনত  ২৪৫ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল আৰু এগৰাকী লোকৰ মৃত্যু হৈছিল।

বৃহস্পতিবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত কৰ’নাত আক্ৰান্ত হৈছিল ১২৮ গৰাকী লোক। সেইদৰে, কামৰূপ গ্ৰাম্য জিলাত ২৮ গৰাকী লোক আক্ৰান্ত হৈছিল ।

সেই দিনটোত ডিব্ৰুগড়ত ২৬ গৰাকী, তিনিচুকীয়াত ১০ গৰাকী; হোজাই জিলাত ৯ গৰকী; শিৱসাগৰ, গোলাঘাট, কৰিমগঞ্জ, বঙাইগাঁৱত ৬ গৰাকীকৈ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

সেইদৰে, কাছাৰ, শোণিতপুৰ, নগাঁও আৰু যোৰহাটত ৫ গৰাকীকৈ লোক আক্ৰান্ত হোৱাৰ লগতে বজালী জিলাত আক্ৰান্ত হৈছিল ২গৰাকী লোক।

ৰাজ্যখনত আৰম্ভণিৰে পৰা এতিয়ালৈকে মুঠ কৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ২,১৯,৯৫৮গৰাকী। সেইদৰে কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,১১৭গৰাকী। এতিয়ালৈকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে মুঠ ২,১৫,৯০৭গৰাকীয়ে।